নেশ্যনেল ডেস্ক, 31 জুলাই :ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ সময়ছোৱাত জয়পুৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ এখন হোটেলত বাহৰ পাতি থকা অশোক গেহলট শিবিৰৰ বিধায়কসকলক শুকুৰবাৰে জয়শালমেৰলৈ স্থানান্তৰিত কৰা হ'ব ৷ কংগ্ৰেছৰ এক সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷
কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকৰ পাচতে বিধায়কসকলক স্থানান্তৰিত কৰা হ'ব বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে ৷ এই বৈঠকত মুখ্যমন্ত্ৰী অশোক গেহলটে বিধায়কসকলক সম্বোধন কৰিব ৷
শচীন পাইলট আৰু 18 গৰাকী কংগ্ৰেছ বিধায়কে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পাচতে অশোক গেহলট শিবিৰৰ বিধায়কসকল 13 জুলাইৰ পৰা হোটেলত বাহৰ পাতি আছিল ৷