অসম

assam

ETV Bharat / bharat

ৰাজস্থান ৰাজনীতি: বিজেপিয়ে বিচাৰিলে অডিঅ' টেপ বিতৰ্কৰ চিবিআই তদন্ত - বাৰ্তালাপ

শনিবাৰে ৰাজস্থান চৰকাৰৰ বিৰোধী নেতা গোলাব চন্দ কাটাৰীয়াই অডিঅ' টেপৰ বিতৰ্কৰ সন্দৰ্ভত চিবিআইৰ তদন্ত দাবী কৰি মুখ্যমন্ত্ৰী অশোক গেহল'টে মুখ্যমন্ত্ৰীৰ চকীখন বচাবৰ বাবে চৰকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰি থকা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিলে । ভাৰতীয় জনতা পাৰ্টিৰ এই গৰাকী নেতাই কলে, ফোন টেপিং কৰি গোপনীয়তাৰ উলঙ্ঘন কৰা হৈছে, যিহেতু গৃহ বিভাগৰ অনুমতি লৈহে এনেদৰে টেপিং কৰাতো সম্ভৱ হয় ।

Rajasthan political crisis: Kataria demands CBI inquiry into audio tape row
ৰাজস্থান চৰকাৰৰ বিৰোধী বিজেপিয়ে বিচাৰিলে অডিঅ' টেপ বিতৰ্কৰ চি বিআই তদন্ত

By

Published : Jul 19, 2020, 7:33 PM IST

নিউজ ডেস্ক, ১৯জুলাই:বিজেপি নেতা গোলাব চন্দ কাটাৰীয়াই অশোক গেহল'টলৈ অভিযোগ তুলি সাংবাদিকক কলে, মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰি সেই সংস্থাসমূহৰ দ্বাৰা বিধায়ক সকলক ধমকিৰে ভীতি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আছে । বিৰোধী নেতাগৰাকীৰ মতে এই সমস্ত ঘটনাৰ চিবিআইৰ দ্বাৰা এক তদন্ত হোৱা উচিত।

তেওঁ এই বুলিও উল্লেখ কৰিলে, যদি ক্ষমতাত থকা কংগ্ৰেছৰ সংখ্যা গৰিষ্ঠতা আছেই তেনেহ'লে বিধায়ক সকলক একেখন হোটেলতে কিয় আৱদ্ধ কৰি ৰাখিব লগা হৈছে । কাটাৰীয়াৰ মতে চৰকাৰ গঠন হোৱাৰ পিছৰে পৰাই মুখ্যমন্ত্ৰী আৰু শচীন পাইলটৰ মাজত যুদ্ধ আৰম্ভ হৈছিল ।

যি ধৰনে মিছা অভিযোগেৰে বিজেপিৰ ওপৰত কংগ্ৰেছে দোষ জাপি দিছে সেয়া ভিত্তিহীন । আমি চৰকাৰ ভঙাৰ বাবে চেষ্টা কৰা বুলি তুলা কংগ্ৰেছৰ অভিযোগ কোনো পধ্যেই সত্য নহয় । 'যিধৰনে ৰাজ্যত কংগ্ৰেছ শাসিত চৰকাৰখনৰ অস্তিত্বক লৈ প্ৰশ্ন উঠিছে, সেয়া দুটা অডিঅ' টেপক লৈ সকলোৰে মনোযোগ আঁতৰোৱাৰ এক কৌশল যেনহে অনুমান হৈছে । প্ৰকৃততে সেয়া গেহল'ট আৰু শচীন পাইলটৰ মাজৰ এখন যুদ্ধহে' এইদৰে কলে বিজেপি নেতা গোলাব চন্দ কাটাৰীয়াই ।

উল্লেখ্য যে, ৰাজস্থান আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাই শচীন পাইলটৰ নেতৃত্বত বিসম্বাদ কৰা বিধায়কৰ বাৰ্তালাপৰ টেপিঙৰ সন্দৰ্ভত ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে চলাই আছে তদন্ত ।

ABOUT THE AUTHOR

...view details