নেশ্যনেল ডেস্ক, 17 জুলাই :শচীন পাইলটৰ লগতে অন্য 18 গৰাকী নেতাই বৃহস্পতিবাৰে কাষ চাপে উচ্চ ন্যায়ালয়ৰ ৷ ৰাজস্থান বিধানসভাৰ অধ্যক্ষই জাৰি কৰা জাননীক প্ৰত্যাহ্বান জনায়, তেওঁলোকক বিধানসভাৰ বাবে অযোগ্য বুলি ঘোষণা কৰাৰ বাবে ৷
শুকুৰবাৰে দুপৰীয়া 1 বজাত এই বিষয় সন্দৰ্ভত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এক খণ্ড বিচাৰপীঠত শুনানি হোৱাৰ কথা উল্লেখ কৰা হৈছিল ৷
বৃহস্পতিবাৰে তেওঁলোকৰ আবেদন প্ৰথমে দিনৰ প্ৰায় 3 বজাত ন্যায়াধীশ সতীশ কুমাৰ শৰ্মাৰ আদালতত হাজিৰ কৰা হয় ৷ কিন্তু বিৰোধী সকলৰ পক্ষত অধিবক্তা হৰিশ ছালভেয়ে নতুন আবেদন দাখিল কৰিবলৈ সময় বিচাৰে ৷
সন্ধিয়া প্ৰায় 5 বজাত শচীন পাইলটৰ লগতে অন্য 18 গৰাকী নেতাই এটি সংশোধিত আবেদন দাখিল কৰে আৰু মুখ্য ন্যায়ধীশ ইন্দ্ৰজিৎ মাহান্তিক দুয়োপক্ষৰ বিচাৰপতি হিচাপে নিয়োগ কৰে ৷
কংগ্ৰেছৰ চীফ হুইপ মহেশ যোশীৰ অধিবক্তাই উল্লেখ কৰা অনুসৰি, এই বিষয়ৰ শুনানি সন্ধিয়া 7.30 বজাৰ আশে পাশে কৰা হ'ব ৷ কিন্তু বিচাৰপীঠে সেই সময়ত শুনানি নকৰিলে ৷
এই শুনানি শুকুৰবাৰলৈ স্থগিত কৰাৰ নিৰ্দেশ প্ৰদান কৰা হয় ৷ শীৰ্ষ অধিবক্তা সকলে দুয়োপক্ষৰে প্ৰতিনিধিত্ব কৰে ৷
অভিষেক মনু সিংহী এগৰাকী কংগ্ৰেছ নেতা হোৱাৰ লগতে, অধ্যক্ষৰ কাৰ্যালয়ক প্ৰতিনিধিত্ব কৰে ৷ পূৰ্বতে কেন্দ্ৰত বিজেপিৰ নেতৃত্বধীন চৰকাৰৰ প্ৰতিনিধিত্ব কৰা হৰিশ ছালভে আৰু মুকুল ৰোহতাগী পাইলটৰ পক্ষৰ অধিবক্তা ৷
কংগ্ৰেছৰ চীফ হুইপ মহেশ যোশী, যিয়ে অধ্যক্ষলৈ চিঠি লিখি বিধায়কসকলৰ অযোগ্যতাৰ বাবে আবেদন কৰিছিল, তেওঁৱো আদালতৰ দুৱাৰত উপস্থিত হয় ৷
19 গৰাকী বিধায়কক মঙলবাৰে বিধানসভা সচিবালয়ৰ পৰা এখন জাননী প্ৰেৰণ কৰে আৰু শুকুৰবাৰলৈ তেওঁলোকক উত্তৰ দিবলৈ অনুমতি প্ৰদান কৰে ৷ জাননীত উল্লেখ কৰা হৈছে যে, অধ্যক্ষ চি.পি যোশীয়ে শুকুৰবাৰে দুপৰীয়া 1 বজাত এই বিষয় উত্থাপন কৰিব ৷
শাসনাধীন দলে অধ্যক্ষলৈ কৰা অভিযোগৰ অন্তত জাননী প্ৰদান কৰা হয় ৷ অভিযোগ অনুসৰি সোমবাৰ আৰু মঙলবাৰে দুই কংগ্ৰেছ বিধায়কৰ দলীয় বৈঠকত অংশগ্ৰহণ কৰিবলৈ বিধায়ক কেইগৰাকীয়ে অস্বীকাৰ কৰে ৷
অৱশ্যে পাইলট পক্ষই এই ক্ষেত্ৰত প্ৰদান কৰা যুক্তি অনুসৰি, দলীয় হুইপ তেতিয়াহে প্ৰযোজ্য হয়, যেতিয়া বিধানসভাৰ অধিৱেশন চলি থাকে ৷
অধ্যক্ষক নিজৰ অভিযোগত কংগ্ৰেছে সংবিধানৰ দশম অনুচ্ছেদৰ দফা 2 (1) (a)ৰ অধীনত পাইলট আৰু অন্য বিধায়ক সকলৰ বিৰুদ্ধে তদন্ত বিচাৰে ৷
প্ৰেৰণ কৰা জাননীৰ ভিতৰত অন্যতম বিশ্বেন্দ্ৰ সিং আৰু ৰমেশ মীনা ৷ তেওঁলোকক অশোক গেহলোটৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ পাচত, ৰাজ্যৰ মন্ত্ৰী মণ্ডলৰ পৰা পাইলটসহিতে বৰ্খাস্ত কৰে ৷ পাইলটক ৰাজ্যৰ কংগ্ৰেছ একতাৰ অধ্যক্ষ পদৰ পৰাও বৰ্খাস্ত কৰা হয় ৷
তিনি গৰাকী বৰ্খাস্ত বিধায়কৰ উপৰিও, জাননী প্ৰদান কৰা অন্য বিধায়কসকলৰ ভিতৰত আছে, পৃথ্বীৰাজ মীনা, বেদ প্ৰকাশ চোলাংকি, সুৰেশ মোডী, দ্বীপেন্দ্ৰ সিং, বানৱাৰলাল শৰ্মা, গজৰাজ খাটানা, ইন্দ্ৰাজ, গজেন্দ্ৰ সিং চাক্তাৱাট, হেমা ৰাম চৌধুৰী, ৰামনিৱাস গাওৰিয়া, অমৰ সিং, বিজেন্দ্ৰ সিং অ'লা, মুৰাৰীলাল, মুকেশ কুমাৰ ভাকাৰ, ৰাকেশ পৰেখ আৰু হৰিশ মীনা ৷
বৰ্খাস্ত বিধায়ক সকলৰ দ্বাৰা দাখিল কৰা প্ৰাথমিক আবেদন সম্পৰ্কত পাইলটে প্ৰকাশ কৰা এক বিবৃত্তিত, তেওঁৰ কংগ্ৰেছ এৰিবৰ কোনো ইচ্ছা নাই বুলি উল্লেখ কৰিছে ৷
লগতে পঢ়ক:প্ৰাচীন তামিল গ্ৰন্থ 'তিৰুক্কুৰল' পঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক জনালে আহ্বান