নেশ্যনেল ডেস্ক, 24 জুলাই :শুকুৰবাৰে ৰাজস্থান উচ্চ ন্যায়ালয়ে শচীন পাইলটৰ পক্ষই দাখিল কৰা আবেদনত স্থগিতাদেশৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ অযোগ্যতাৰ বাবে পাইলট আৰু 18 জন বিধায়কক জাৰি কৰা জাননী সম্পৰ্কত আবেদন দাখিল কৰিছিল পাইলট পক্ষই ৷
ৰাজস্থান উচ্চ ন্যায়ালয়ে শুকুৰবাৰে পাইলট আৰু তেওঁৰ সমৰ্থকৰ বাবে কেন্দ্ৰীয় চৰকাৰকো উত্তৰদায়ী হিচাপে গ্ৰহণ কৰে ৷ এই সম্পৰ্কত বিধানসভাৰ অধ্যক্ষ চি.পি. যোশীয়ে কয়, "উচ্চ ন্যায়ালয়ে শচীন পাইলট আৰু তেওঁৰ সমৰ্থক বিধায়কসকলৰ বাবে অযোগ্যতাৰ জাননীৰ বিৰুদ্ধে আবেদনত কেন্দ্ৰীয় চৰকাৰকো উত্তৰদায়ী হিচাপে ঘোষণা কৰিছে ৷ আদালতত অতিৰিক্ত ছলিচিটৰ জেনেৰেলে (ASG) কেন্দ্ৰক প্ৰতিনিধিত্ব কৰিব ৷"