অসম

assam

By

Published : Jul 14, 2020, 2:15 PM IST

ETV Bharat / bharat

ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ শচীন পাইলটক

শচীন পাইলটৰ লগতে সমৰ্থনকাৰী বিধায়কৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিব দলে ৷

Rajasthan political crisis: Congress calls another CLP meet today
শচীন পাইলটক দলৰ পৰা বহিষ্কাৰৰ দাবী

ৰাজস্থান, 14 জুলাই : ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছ সভাপতিৰ পদৰ পৰা অপসাৰণ শচীন পাইলটক ৷ ৰাজস্থানৰ ফেয়াৰমাউন্ট হোটেলত কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলৰ লগত দলৰ বিধায়কসকল বৈঠকত মিলিত হোৱাৰ পাছতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰী অশোক গেহলটৰ লগত আন আন বিধায়কসকলে বৈঠকত উপস্থিত থাকে যদিও বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত আছিল উপমুখ্যমন্ত্ৰী শচীন পাইলট ৷ আনহাতে শচীন পাইলটৰ লগতে সমৰ্থনকাৰী বিধায়কৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিব দলে ৷

সোমবাৰে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলৰ সৈতে দলৰ বিধায়কসকল বৈঠকত মিলিত হয় ৷ কিন্তু বৈঠকত উপস্থিত নাথাকে উপ মুখ্যমন্ত্ৰী শচীন পাইলট ৷ কংগ্ৰেছ নেতৃত্বই মঙলবাৰে পুনৰ এখন বৈঠকৰ আহ্বান জনায় আৰু উপমুখ্যমন্ত্ৰী শচীন পাইলটকো কংগ্ৰেছ নেতৃত্বই বৈঠকত অংশ লোৱাৰ বাবে পত্ৰযোগে আমন্ত্ৰণ জনায় । কংগ্ৰেছ নেতৃত্বৰ আহ্বানক আওকান কৰি মঙলবাৰে পুনৰ বৈঠকত অনুপস্থিত থাকে উপমুখ্যমন্ত্ৰী গৰাকী ৷ শীৰ্ষ কংগ্ৰেছ নেতাগৰাকীক এই আচৰণত অসন্তুষ্টি ব্যক্ত কৰি বৈঠকত উপস্থিত 104 গৰাকী বিধায়কে শচীন পাইলটক দলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে তেওঁক সমৰ্থন কৰা বিধায়কসকলৰ বিৰুদ্ধে অনুশাসনমূলক পদক্ষেপ গ্ৰহণৰ বাবে শীৰ্ষ নেতৃত্বক আহ্বান জনায় ৷

লগতে পঢ়ক : গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অহা এখন বিস্ফোৰক চিঠি

ABOUT THE AUTHOR

...view details