নিউজ ডেস্ক, ২২ জুলাইঃ ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে (SOP) মঙলবাৰে অশোক গেহলট চৰকাৰৰ পতনৰ বাবে হৰ্ছ-ট্ৰেডিং (Horse-Trading)ৰ চেষ্টা চলোৱা ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত কৰে । এই তদন্ত অভিযানতে মঙলবাৰে অভিযানকাৰী দলটোৱে তিনি গৰাকী ব্যক্তিৰ পৰা ১.২৫ কোটি টকা জব্দ কৰে বুলি জানিবলৈ দিয়ে ।
ৰাজস্থান বিধায়ক হৰ্ছ-ট্ৰেডিঙৰ তদন্তত ১.২৫ কোটি টকা জব্দ আৰক্ষীৰ - অশোক গেহলট
মঙলবাৰে ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে (SOP) তিনিজন ব্যক্তিৰ পৰা জব্দ কৰে ১.২৫ কোটি টকা । ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ পতন তথা কংগ্ৰেছৰ বিধায়কসকলৰ মাজত হৰ্ছ-ট্ৰেডিং (Horse-Trading)ৰ চেষ্টা চলোৱা অভিযোগৰ বিৰুদ্ধে চলা তদন্ততে জব্দ কৰে টকাখিনি ।
বিশেষ অভিযানকাৰী দলটোয়ে (SOP)গোপন পূত্ৰৰ ভিত্তিতে জব্দ কৰিবলৈ সক্ষম হয় টকাখিনি । এছপি চিআইডি (ক্ৰাইম ব্ৰাঞ্চ) বিকাশ শৰ্মাৰ নেতৃত্বত গঠন কৰা ৮ জনীয়া সদস্যৰ দলটোক মঙলবাৰে পুৱা ভাগতে গোপন সূত্ৰই উদয়পুৰত অবৈধভাৱে ধনৰ লেন-দেন হৈ থকাৰ খবৰ লাভ কৰে । আনহাতে,জব্দ কৰা ধনখিনি আয়কৰ বিভাগক গোটাই দিয়ে ।
তৰোপৰি অভিযানকাৰী দলটোয়ে বিগত সপ্তাহত অজয় শৰ্মা নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে । যাৰ নাম ৰাজস্থানৰ অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পতন বাবে বিধায়কসকলৰ মাজত হৰ্ছ-ট্ৰেডিং (Horse-Trading)চলোৱা ভিডিঅ' ভাইৰেল হৈ পৰে।