অসম

assam

By

Published : Oct 8, 2020, 7:58 PM IST

ETV Bharat / bharat

শচীন পাইলটৰ প্ৰেছ উপদেষ্টাৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীৰ গোচৰ

শচীন পাইলটৰ প্ৰেছ উপদেষ্টাৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীৰ গোচৰ ৰুজু ৷ উৰাবাতৰি প্ৰচাৰ কৰা বাবে সাংবাদিক শৰত কুমাৰ আৰু লোকেন্দ্ৰ সিঙৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ ৷

উৰাবাতৰি প্ৰচাৰ কৰা বাবে গোচৰ ৰুজু
শচীন পাইলটৰ প্ৰেছ উপদেষ্টাৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীৰ গোচৰ

নেশ্যনেল ডেস্ক, 8 অক্টোবৰ :কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ দুই প্ৰেছ উপদেষ্টাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৰাজস্থান আৰক্ষীয়ে ৷ কেইজনমান বিধায়ক আৰু নেতাৰ ফোন টেপিং সম্পৰ্কত উৰাবাতৰি প্ৰচাৰ কৰা বাবে বৃহস্পতিবাৰে সাংবাদিক শৰত কুমাৰ আৰু লোকেন্দ্ৰ সিঙৰ বিৰুদ্ধে ৰুজু কৰা হয় এই গোচৰ ৷

দক্ষিণ জয়পুৰৰ ডিচিপি মনোজ কুমাৰে কয়, "শৰত কুমাৰ আৰু শচীন পাইলটৰ প্ৰেছ উপদেষ্টা লোকেন্দ্ৰ সিঙৰ বিৰুদ্ধে বিধায়ক আৰু সাংসদৰ ফোন টেপিং সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰা বাবে এক গোচৰ ৰুজু কৰা হৈছে ৷" কুমাৰে লগতে জানিবলৈ দিয়ে যে, এই উৰাবাতৰি সাংবাদিক কেইজনে হোৱাটছ এপৰ জৰিয়তে প্ৰচাৰ কৰিছিল ৷

তেওঁ লগতে কয়, "চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে ঘটনাটোৰ তদন্ত কৰিছিল আৰু বাতৰিটোৰ উৎস সম্পৰ্কত দুয়োকে প্ৰশ্ন কৰিছিল ৷ কিন্তু এই সম্পৰ্কত দুয়োজনে সঠিক তথ্য প্ৰদান কৰিবলৈ অসমৰ্থ হোৱা বাবে ভাৰতীয় দণ্ডাবিধি আইনৰ 501 (1b), 505 (2) & 120 B ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে ৷"

লগতে পঢ়ক :ৰাঁচীত 10 নক্সালবাদী গ্ৰেপ্তাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details