নিউজ ডেস্ক,২৩জুলাই: ৰাজস্থানৰ বিকানেৰ জিলাৰ গজনেৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত পত্নী আৰু দুই সন্তানক হত্যা কৰি এজন ব্যক্তিয়ে কৰিলে আত্মহত্যা । পিতৃৰ এই নৃসংশ ঘটনাৰ সময়ত সাৰ পাই উঠাৰ বাবে ইয়াৰে এগৰাকী কন্যা শিশু বাচিবলৈ সক্ষম হয় । প্ৰতিবেশীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ।
দুটা পৃথক হত্যাকাণ্ডত শিশু সহিতে ৫ জনৰ মৃত্যু
ৰাজস্থানত বুধবাৰে সংঘটিত দুটাকৈ পৃথক নৃশংস হত্যাকাণ্ডৰ ঘটনাত শিশু সহিতে ৫জনকৈ লোকৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যখনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুয়োটা ঘটনাই পাৰিবাৰিক অশান্তিৰ কাৰণে সংঘটিত হ'বলৈ পালে বুলি আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে ।
আৰক্ষীয়ে ইতিমধ্যে মৃত আটাইকেইগৰাকীকে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণৰ লগতে ঘটনাৰ সবিশেষ উদ্ধাৰৰ বাবে আৰম্ভ কৰিছে তদন্ত । তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত জানিবলৈ দিয়া মতে, পাৰিবাৰিক অশান্তিৰ বাবেই সংঘটিত হ'বলৈ পালে এই ঘটনা ।
ইফালে একেটা দিনতেই ৰাজ্যখনত সংঘটিত হৈছে আন এক শিহৰণকাৰী ঘটনা । শিৱবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জয়নাৰায়ণ ব্যাস কলনিত শুই থকা অৱস্থাতে স্বামীয়ে জ্বলাই হত্যা কৰিলে পত্নীক । পুৱা প্ৰতিবেশীয়ে ঘৰৰ ভিতৰত কিবা এটা ঘটনা ঘটাৰ সন্দেহত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃত মহিলাগৰাকীক উদ্ধাৰ কৰে । ঘটনা সংঘটিত কৰি পলায়ন কৰা হত্যাকাৰী স্বামীৰ সন্ধানত ইতিমধ্যে শিৱবাৰী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।