অসম

assam

By

Published : Jan 29, 2021, 10:51 AM IST

ETV Bharat / bharat

সুৰা ট্ৰেজেডী: বিষাক্ত সুৰা সেৱন কৰি নিহত 4 জন

বিষাক্ত সুৰা সেৱন কৰি ৰাজস্থানৰ খেড়া গাঁৱত মহিলাসহ 4 জন লোক নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে অসুস্থ হয় 5 জন লোক ৷

সুৰা ট্ৰেজেডী: বিষাক্ত সুৰা সেৱন কৰি নিহত 4 জন
সুৰা ট্ৰেজেডী: বিষাক্ত সুৰা সেৱন কৰি নিহত 4 জন

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী:কেইদিনমানৰ পুৰ্বে ৰাজস্থানৰ ভৰতপুৰ জিলাত বিষাক্ত সুৰা সেৱন কৰি 7 জন লোকৰ মৃত্যু হোৱাৰ পাচতে পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে ভীলাৱাড়া জিলাত ৷ একেদিনাই বিষাক্ত সুৰা সেৱন কৰি জিলাখনৰ খেড়া গাঁৱৰ এগৰাকী মহিলাসহ চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচ জন লোকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় ৷

উল্লেখ্য যে, সংকটজনক অৱস্থাত থকা লোক কেইজনক ভীলাৱাড়াৰ মহাত্মা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷ এই ঘটনাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ কিন্তু দীৰ্ঘদিনৰ পৰা জিলাখনত মুক্তভাৱে একাংশ লোকে স্থানীয় সুৰা বিক্ৰী কৰি আহিছে ৷ সকলো দেখিও আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ইফালে, এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা সংগ্ৰাহক শিৱপ্ৰসাদ এম নাকেটে আৰু জিলা আৰক্ষী অধীক্ষক বিকাশ শৰ্মা ঘটনাস্থলীলৈ ৰাওনা হয় । সংশ্লিষ্ট আৰক্ষী থানাৰ আৰক্ষী বিষয়াক ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সুৰা মাফিয়াসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব বুলি ইটিভি ভাৰত সংবাদদাতাৰ ওচৰত মন্তব্য কৰে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

ABOUT THE AUTHOR

...view details