নেশ্যনেল ডেস্ক, 4 জুলাই :যোগগুৰু ৰামদেৱৰ পতঞ্জলী, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে ৰাজস্থান উচ্চ ন্য়ায়ালয়ে ৷ ইয়াৰোপৰি, NIMS বিশ্ববিদ্যালয়লৈও এই জাননী জাৰি কৰা বুলি তথ্য লাভ কৰা হৈছে ৷ পতঞ্জলীৰ 'Coronil' ঔষধ সম্পৰ্কত উত্তৰ বিচাৰি জাৰি কৰা হৈছে এই জাননী ৷
উল্লেখ্য যে,ৰামদেৱে 'Coronil' ঔষধ মুকলি পাচতে ন্য়ায়ালয়ত দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন (PIL) ৷ ইয়াৰ পাচতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দ্ৰজিত মহন্তী আৰু ন্যায়াধীশ প্ৰকাশ গুপ্তাৰ দ্বাৰা গঠিত এক বিচাৰক মণ্ডলীয়ে এই জাননী জাৰি কৰে ৷
এই PIL দাখিল কৰিছিল এছ. কে. সিঙে ৷ সিঙে দাবী কৰা অনুসৰি, AYUSH আৰু ICMR ৰ পৰা সঠিক তথ্য সংগ্ৰহ আৰু পৰীক্ষণ নকৰাকৈ এই ঔষধবিধ পতঞ্জলীয়ে মুকলি কৰিছে ৷
আবেদনকাৰী সিঙে লগতে কৈছিল যে,এই ঔষধ গ্ৰহণ কৰাৰ পাচতো কোনো লোকৰ COVID-19 হ'ব পাৰে আৰু মৃত্যুমুখতো পৰিব পাৰে ৷