অসম

assam

ETV Bharat / bharat

অসম আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্তসকললৈ সহায়ৰ আহ্বান প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ - প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলট

চলিত সপ্তাহত ৰাজস্থানৰ চৰকাৰী পদৰ পৰা ক্ষমতাচ্যুত হোৱা ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে শনিবাৰে টুইটযোগে সকলো ভাৰতীয়কে অসম আৰু বিহাৰত হোৱা প্ৰলয়ংকাৰী বানত আক্ৰান্ত হোৱা লোকসকলক সহায় আগবঢ়াবলৈ আহ্বান জনায় ৷ উপ মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত হোৱাৰ পাচত এইটো তেওঁৰ প্ৰথম টুইট ৷

former deputy CM Sachin Pilot tweet
প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ টুইট

By

Published : Jul 19, 2020, 8:37 AM IST

নেশ্যনেল ডেস্ক, 19 জুলাই : ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে শনিবাৰে টুইটযোগে অসম আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্তসকলৰ ক্ষতিপূৰণৰ অৰ্থে সকলো ভাৰতীয়কে সহায় আগবঢ়াবলৈ আহ্বান জনায় ৷

অশোক গেহলত চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰা সময়তে পাইলটে এই আহ্বান জনায় ৷ উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে পাইলটক ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি দিয়া হয় ৷

টুইটযোগে তেওঁ কয় যে, "অসম আৰু বিহাৰৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা ৷ অসমত সুকীয়াকৈ 68 গৰাকীৰ মৃত্যু হৈছে ৷ সকলো ভাৰতীয়লৈ অনুৰোধ, সকলোৱে যাতে সহযোগিতাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণত সহায় আগবঢ়ায় ৷"

চৰকাৰী পদৰ পৰা বৰ্খাস্ত হোৱাৰ পাচত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এইটো প্ৰথম টুইট ৷ উপ মুখ্যমন্ত্ৰী আৰু পিচিচি চীফ পদৰ পৰা বৰ্থাস্ত হোৱাৰ পাচত তেওঁ মন্তব্য দিয়ে যে, "truth can be rattled, not defeated" ৷ ইয়াৰ লগতে তেওঁ সকলো সমৰ্থনকাৰীক ধন্যবাদ জ্ঞাপন কৰে ৷ পাইলটে 18 গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰিছিল ৷

লগতে পঢ়ক : গণিতজ্ঞ চি. এচ. শেশাদ্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোডীৰ শোকপ্ৰকাশ

ABOUT THE AUTHOR

...view details