অসম

assam

ETV Bharat / bharat

কোভিড-19ৰ সফল চিকিৎসা ৰাজস্থানৰ চিকিৎসকৰ

জয়পুৰৰ ছাৱাই মান সিং হাস্পতালৰ চিকিৎসকে কৰ’ণা ভাইৰাছৰ চিকিৎসা প্ৰদান কৰি লাভ কৰিবলৈ সক্ষম হৈছে সফলতা ৷ তিনিগৰাকী লোকক চিকিৎসা সেৱা আগবঢ়াই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Rajasthan doctors success in the treatment of COVID -19 Patients
কোভিড-19 ৰ সফল চিকিৎসা ৰাজস্থানৰ চিকিৎসকৰ

By

Published : Mar 17, 2020, 1:46 PM IST

Updated : Mar 17, 2020, 2:45 PM IST

নিউজ ডেস্ক, 17 মাৰ্চ:কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস সমগ্ৰ বিশ্বতে অব্যাহত থকাৰ মাজতেই ৰাজস্থানৰ পৰা আহিছে ভাল খবৰ ৷ জয়পুৰৰ ছাৱাই মান সিং হাস্পতালৰ চিকিৎসকে কৰ’ণা ভাইৰাছৰ চিকিৎসা প্ৰদান কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ল’পীনাবীৰ (Lopinavir) ৰিট’নাবীৰ (Ritonavir) আৰু ক্ল’ৰকুইন (Chloroquine)নামৰ তিনি ঔধষৰ সংমিশ্ৰনৰে Covid-19 ৰোগীৰ ওপৰত চলোৱা চিকিৎসাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ পূৰ্বতে ল’পীনাবীৰ ৰিট’নাবীৰৰে SARS আৰু MERS-2 অন্য কৰ’ণা ভাইৰাছৰ ৰোগত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

ৰাজস্থানত তিনিগৰাকী কৰ’ণা ভাইৰাছ ৰোগীক আৰোগ্য কৰাত উক্ত প্ৰতিষেধকেৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমান আমেৰিকাকে ধৰি বহু দেশৰ লগতে অন্যান্য ৰাজ্যৰ পৰাও বহু ফোনকল আহিবলৈ ধৰিছে ৷

চিকিৎসকে প্ৰথমে তিনিটা এণ্টিভাইৰেল ড্ৰাগছ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ যাৰ ভিতৰতে দুটা হৈছে ল’পীনাবীৰ আৰু ৰিট’নাবীৰ ৷ এই দুইবিধ প্ৰতিষেধকৰ এটা হৈছে HIV আৰু আনটো ছুৱাইন ফ্লুৰ বাবে উপযোগী ৷ আনহাতে অন্য ক্ল’ৰ’কুইন প্ৰতিষেধকটো মেলেৰিয়া ৰোগৰ বাবে ফলদায়ক ৷ ভাৰতীয় চিকিৎসা অনুসন্ধান সংস্থা (ICMR) ৰ অনুমতিৰ পাচতেই এই প্ৰতিষেধকৰে চিকিৎসা সেৱা আগবঢ়োৱা হয় ৷ পূৰ্বতে SARS আৰু MERS-2 কৰ’ণা ভাইৰাছৰ ৰোগত ল’পীনাবীৰ ৰিট’নাবীৰ প্ৰতিষেধকৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ শেহতীয়াকৈ Covid-19 টো ইয়াৰ ধনাত্মক প্ৰভাৱ দেখা পোৱা গৈছে ৷

Last Updated : Mar 17, 2020, 2:45 PM IST

ABOUT THE AUTHOR

...view details