ৰাজস্থান, 29 জুলাই :ৰাজস্থানত অব্যাহত আছে ক্ষমতা দখলৰ যুঁজ ৷ ৰাজ্যখনত বহুজন সমাজ পাৰ্টীৰ 6 জন বিধায়ক কংগ্ৰেছ দলত যোগদান কৰা গোচৰৰ আজি শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে ৷ বহুজন সমাজ পাৰ্টীৰ মহাসচিব সতীশ মিশ্ৰই দাখিল কৰিছিল এই আবেদন ৷ বিজেপিৰ বিধায়ক মদন দিলৱাৰৰ গোচৰৰ লগত একেলগে শুনানী গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে ৷
উল্লেখ্য যে,বিজেপিৰ বিধায়ক মদন দিলৱাৰেও বহুজন সমাজ পাৰ্টীৰ 6 জন বিধায়ক কংগ্ৰেছ দলত যোগদান কৰাৰ বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন দাখিল কৰিছিল ৷ কিন্তু অধ্যক্ষই এই আবেদন খাৰিজ কৰাত উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হয় বিজেপিৰ বিধায়কগৰাকী ৷