নিউজ ডেস্ক,১৭ জুলাই: কংগ্ৰেছৰ তৰফৰ পৰা সঞ্জয় জৈনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ কৰা দাবী আৰু ৰাজস্থানত অশোক গেহল'ট নেতৃত্বাধীন চৰকাৰখনক উফৰাবলৈ চলোৱা 'হৰ্চ ট্ৰেডিং'ৰ দৰে কাৰ্যত ভাগ লোৱাৰ অপৰাধত বিজেপি নেতাজনক এই জেৰা চলোৱা হৈছিল ।
SOGৰ মুখ্য কাৰ্যালয়ত চলা এই জেৰাত বিজেপি নেতা সঞ্জয় জৈনক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ লগতে আন তিনিগৰাকী শীৰ্ষ বিষয়াইও চলাইছিল জেৰা । জেৰাৰ প্ৰাৰম্ভিক অনুসন্ধানত এইটো নিশ্চিত হৈছে যে,সঞ্জয় জৈনৰ লগতে কেইবাগৰাকীওঁ বিদ্ৰোহী কংগ্ৰেছী বিধায়ক আৰু অন্য দলৰ একাংশ বিধায়কৰে মিলি চৰকাৰখনক ভঙাৰ চেষ্টা কৰিছিল ।
সামাজিক মাধ্যমযোগে প্ৰচাৰিত বিভিন্ন অডিঅ' ক্লিপত বিভিন্ন ভাষ্য প্ৰচাৰ হোৱাৰ পিছতে কংগ্ৰেছ দলে শুকুৰবাৰে দুগৰাকীকৈ বিধায়ক বিশ্বেন্দ্ৰ সিং আৰু ভনৱৰলাল শৰ্মাক দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰিছে । কংগ্ৰেছী মুখপাত্ৰ ৰনদ্বীপ সিঙে জনসাধাৰণৰ বিশ্বাসক ভংগ কৰা অভিযোগেৰে বিজেপিক ভৎসনা কৰাৰ লগতে ইয়াক গণতন্ত্ৰৰ বাবে এক ক'লা দিন আখ্যা দিলে ।