জয়পুৰ, 24 জুলাই : ৰাজস্থানৰ কথুমাৰ বিধায়ক বাবুলাল বেৰৱাৰ শুকুৰবাৰে চেৱাই মানসিং চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ বাবুলাল বেৰৱা ৰাজস্থানৰ ফেৰামন হোটেলত বাহৰ পাতি থকা কংগ্ৰেছ বিধায়কসকলৰ অন্যতম আছিল ৷
কথুমাৰ বিধায়ক বাবুলাল বেহৰাৰ শুকুৰবাৰে শ্বাহ প্ৰশ্বাসত অসুবিধা হোৱাত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বিগত মাহত ৰাজস্থানৰ ৰাজনীতিত ক্ষমতা দখলক লৈ এক অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই বিধায়িনী দলৰ বৈঠকৰো আয়োজন কৰিছিল ৷ কিন্তু বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত আছিল ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটসহ কেইবাজনো বিধায়ক ৷ অৱশেষত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই শচিন পাইলটক ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ লগতে শচীন পাইলটসহ অন্য বিধায়কসকললৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছিল ৷