নেশ্যনেল ডেস্ক,1 ডিচেম্বৰঃবাৰাণসীত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলোটে ৷ তেখেত টুইটযোগে কয়,প্ৰধানমন্ত্ৰী মোডীৰ বাৰাণসী ভ্ৰমণৰ দিনটোতে ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই ধ্বংস কৰা কাৰ্যটো তীব্ৰ গৰিহণাৰ যোগ্য ৷ আৰক্ষীয়ে অতিশীঘ্ৰে দোষীক আটক কৰি উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷
তেখেতে আৰু কয়,দেশৰ বাবে নিজৰ প্ৰাণ ত্যাগ কৰা মহান নেতাসকলক অপমান কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷