নেশ্যনেল ডেস্ক, 14 ডেস্ক :ৰাজস্থানৰ ৰাজনৈতিক সংকট সম্পৰ্কত বিৰোধী বিজেপি দলে মঙলবাৰে এক বৈঠকৰ আয়োজন কৰিছে ৷ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সচিব ভি. সতীশ, বিজেপিৰ ৰাজ্যিক সভাপতি সতীশ পুনিয়া,বিৰোধী নেতা গুলাব চন্দ কাটাৰিয়া আৰু ৰাজেন্দ্ৰ ৰাথোড় উপস্থিত থাকে ৷
দলৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, "ৰাজ্যখনৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কত বিজেপিৰ নেতাসকলে আলোচনা কৰে ৷" প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট আৰু বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতে ৰাজ্যখনৰ শাসনাধীষ্ঠ কংগ্ৰেছ দলত সংকটৰ সৃষ্টি হয় ৷
2018 চনৰ ডিচেম্বৰত বিধানসভা নিৰ্বাচনৰ পাচত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব শচীন পাইলটক দিবলৈ অস্বীকাৰ কৰাৰ বাবেই অসন্তুষ্ট হৈ পৰিছিল ৷