অসম

assam

ETV Bharat / bharat

ফৰিং আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণাৰ দাবী ৰাজস্থানৰ কৃষিমন্ত্ৰীৰ - লালচাদ কাটাৰিয়া

শুকুৰবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে হোৱা বাৰ্তালাপত ৰাজস্থানৰ কৃষিমন্ত্ৰী লালচাদ কাটাৰিয়াই ফৰিং আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় চৰকাৰক ।

ফৰিং আক্ৰমণ
ফৰিং আক্ৰমণ

By

Published : Jul 11, 2020, 1:52 PM IST

নিউজ ডেস্ক, ১১ জুলাইঃ ৰাজস্থানৰ কৃষিমন্ত্ৰী লালচাদ কাটাৰিয়াই শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক কৃষকসকলৰ স্বাৰ্থত ফৰিং আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাই ।

কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমেৰে হোৱা বাৰ্তালাপতে কাটাৰিয়াই শীঘ্ৰে ফৰিং আক্ৰমণৰ ঘটনাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ অনুৰোধ জনাইছে । লগতে ফৰিং আক্ৰমণৰ বাবে ৰাজ্যসমূহৰ শস্যৰ ক্ষতি হোৱাৰ সমগ্ৰ তথ্য দাঙি ধৰি কৃষি বীমা কোম্পানীসমূহক খাৰিফ-২০১৯ আইনৰ অধীনত ৩৮০কোটি টকাৰ বীমা কৰিবলৈ আহ্বান কৰে কাটাৰিয়াই ।

তাৰোপৰি কৃষিমন্ত্ৰী গৰাকীয়ে দাবী জনাই যে, ২০২০-২১ বৰ্ষৰ বাবে কৃষকসকলৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ধনৰাশিৰ বৰ্তমান পৰ্যন্ত প্ৰথম কিস্তি লাভ কৰা নাই । সেয়হে কৃষকসকলৰ সহায়ৰ বাবে প্ৰথম কিস্তি শীঘ্ৰে ৰাজ্যখনৰ কৃষকসকলৰ হাতলৈ প্ৰেৰণ কৰিবলৈও বাৰ্তালাপত মত ব্যক্ত কৰে ৰাজস্থানৰ কৃষিমন্ত্ৰী লালচাদ কাটাৰিয়াই ।

ABOUT THE AUTHOR

...view details