অসম

assam

ETV Bharat / bharat

ৰাজস্থানত নতুনকৈ চাৰিজনৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছ - ৰাজস্থানত নতুনকৈ চাৰিজনৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছ

ৰাজস্থানত এইবাৰ দুজনকৈ স্বাস্থ্যকৰ্মী আক্ৰান্ত হৈছে কৰ‘ণা ভাইৰাছত ৷ বৰ্তমানলৈকে পোহৰলৈ আহিছে 36 জনকৈ লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতিৰ ঘটনা ৷ ইয়াৰে শেহতীয়াভাৱে বুধবাৰে পোহৰলৈ আহিছে 4 জনকৈ লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা ৷

ৰাজস্থানত নতুনকৈ চাৰিজনৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছ
ৰাজস্থানত নতুনকৈ চাৰিজনৰ শৰীৰত ধৰা পৰিছে কৰ‘ণা ভাইৰাছ

By

Published : Mar 25, 2020, 3:20 PM IST

নেশ্যনেল ডেস্ক,25 মাৰ্চঃদেশৰ কেবাখনো ৰাজ্যত কৰ‘ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ ইয়াৰে অন্যতম হৈছে ৰাজস্থান ৷ ৰাজস্থানত বৰ্তমানলৈকে পোহৰলৈ আহিছে 36 জনকৈ লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতিৰ

ঘটনা৷ ইয়াৰে শেহতীয়াভাৱে বুধবাৰে পোহৰলৈ আহিছে 4 জনকৈ লোকৰ শৰীৰত কৰ‘ণা ভাইৰাছ সংক্ৰমণৰ ঘটনা৷ ইয়াৰে দুজন আক্ৰান্ত লোক স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷ ইয়াৰে তিনিজন ভিলৱাৰা আৰু এজন যোধপুৰৰ বুলি জানিব পৰা গৈছে ৷ বৰ্তমান সময়লৈকে ভিলৱাৰা,ঝুনঝুনু,জয়পুৰ,পালি,প্ৰতাপগঢ়,চিকাৰ আৰু যোধপুৰৰ পৰা 1735 জন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে ৷ ইয়াৰ ভিতৰত 36 জন লোকৰ শৰীৰত কৰ‘ণাৰ অৱস্থিতি ধৰা পৰাৰ বিপৰীতে 1548 জনৰ শৰীৰত ঋণাত্মক বুলি সদৰি কৰিছে স্বাস্থ্য বিভাগে ৷

লগতে চাওকঃ তামিলনাডুত কৰ‘ণা ভাইৰাছত আক্ৰান্ত প্ৰথমজন ব্যক্তিৰ মৃত্যু

ABOUT THE AUTHOR

...view details