নিউজ ডেস্ক, ২৩ এপ্ৰিলঃলকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যসমূহক খাদ্য় প্ৰদান কৰিবলৈ সাজু হৈছে ভাৰতীয় ৰেলৱে । মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, ৰন্ধা হোৱা খাদ্যৰ প্ৰায় ২.৬ লাখকৈ টোপোলা প্ৰতিদিনে প্ৰেৰণ কৰিবলৈ প্ৰস্তুত আছে ভাৰতীয় ৰেলৱে বিভাগ । ইয়াক লৈ ইতিমধ্যে দেশৰ বিভিন্ন জিলাসমূহৰ সৈতে যোগাযোগ কৰিছে মন্ত্ৰালয়ে ।
মন্ত্ৰালয়ে প্ৰকাৰ কৰা অনুসৰি, অঞ্চলবিশেষে থকা ভাৰতীয় ৰেলৱেৰ ৰান্ধনিশালৰ পৰাই এইদৰে প্ৰতিদিনে ২.৬ টোপোলা ৰন্ধা হোৱা খাদ্য প্ৰদান কৰা হ'ব । ইয়াৰ বাবে ৰান্ধনিশালসমূহ সাজু কৰি তোলা হৈছে আৰু যদিহে চাহিদা অধিক বৃদ্ধি পায় তেতিয়া ৰেলৱে ৰান্ধনিশালৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰিব । এই খাদ্যৰ প্ৰতিটো টোপোলাৰ মূল্য হৈছে মাত্ৰ ১৫ টকা । ৰাজ্য চৰকাৰসমূহে এইক্ষেত্ৰত পৰৱৰ্তী সময়ত টকাসমূহ পৰিশোধ কৰিব পাৰিব ।
ৰাজ্যসমূহক অতিৰিক্তভাৱে যোগান ধৰিবলগীয়া খাদ্যৰ টোপোলাসমূহৰ বাবে এই ধনৰাশি পৰিশোধ কৰিব লাগিব । ইতিমধ্যেই প্ৰতিদিনে ৰেলৱে ১ লাখকৈ বিনামূলীয়া খাদ্যৰ টোপোলা যোগান ধৰি আহিছে । ভাৰতীয় ৰেলৱেৰ হৈ IRCTCএ এই কাম সম্পন্ন কৰি আহিছে ।
এইক্ষেত্ৰত ৰেলৱেৰ পূব প্ৰান্তত গয়া, দীনদয়াল, ৰাজিন্দৰ নগৰ, সমষ্টিপুৰ, ধানবাদ, হাজিপুৰ, কাটিহাৰ, গুৱাহাটী, ৰাঁচী, বালাছোৰ, টাটানগৰ আৰু হাওৰা; উত্তৰ প্ৰান্তত নতুন দিল্লী আৰু প্ৰয়াগৰাজ; দক্ষিণ মধ্য প্ৰান্তত বিজয়ৱাড়া, খুৰ্দা ৰোড, বিশাখাপট্টনম আৰু ৰায়পুৰ; দক্ষিণ প্ৰান্তত বাংগালোৰ, হুবলী, টিৰুচিৰাপল্লী, কাটপাড়ী, চাংগলপা আৰু মাদুৰাই তথা পশ্চিম প্ৰান্তত মুম্বাই, আহমেদাবাদ, পুনে আৰু ভূষাৱলস্থিত ৰান্ধনিশালসমূহ সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে ।
লগতে পঢ়কঃচৰ অঞ্চলৰ নৌকা স্বাস্থ্য সেৱাৰ কথা জানেনে ?