নিউজ ডেস্ক, ১৪ মে': লক্ ডাউনৰ মাজত আৱদ্ধ হৈ থকা লোক সকলৰ বাবে ভাৰতীয় ৰে'লৱে বিভাগে ইতিমধ্যে আৰম্ভ কৰিছে বিশেষ ৰে'ল সেৱাৰ । বুধবাৰে যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে'ল চলাচলৰ ক্ষেত্ৰত এক নতুন নিৰ্দেশাৱলী জাৰি কৰিছে ভাৰতীয় ৰে'ল মন্ত্ৰণালয়ে । এক তথ্য় অনুসৰি, ২২ মে' পৰা অপেক্ষাৰত তালিকাত থকা যাত্ৰী সকলক টিকট প্ৰদানৰ অনুমতি দিয়াৰ লগতে যদি কোনো যাত্ৰীৰ যাত্ৰাৰ পূৰ্বে COVID-১৯ ৰ লক্ষণ ধৰা পৰে তেন্তে সম্পূৰ্ণ টিকটৰ মূল্য ঘূৰাই দিয়াৰ বিধি প্ৰৱৰ্তন কৰা বুলি নিৰ্দেশাৱলীত উল্লেখ কৰা হৈছে ।
বিশেষ ৰে'ল সেৱাৰ ক্ষেত্ৰত নতুন নিৰ্দেশাৱলী ভাৰতীয় ৰে'লৱেৰ - লক্ ডাউন
লক্ ডাউনৰ মাজত আৱদ্ধ লোক সকলক নিজ-নিজ স্থানলৈ নিয়াৰ বাবে ইতিমধ্যে ভাৰতীয় ৰে'ল বিভাগৰ তৰফৰ পৰা মুকলি কৰা হৈছে বিশেষ ৰে'ল সেৱা । বুধবাৰে যাত্ৰীৰ সুবিধাৰ্থে বিশেষ ৰে'ল সেৱা চলাচলৰ ক্ষেত্ৰত এক নতুন নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে ৰে'লৱেৰ পৰা ।
![বিশেষ ৰে'ল সেৱাৰ ক্ষেত্ৰত নতুন নিৰ্দেশাৱলী ভাৰতীয় ৰে'লৱেৰ Railways issues fresh guidelines for the operation of special trains](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7189148-385-7189148-1589426237876.jpg)
ইয়াৰ লগতে ৰে'ল মন্ত্ৰণালয়ৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে, বিশেষ ৰে'ল সমূহৰ ক্ষেত্ৰত টিকট বাতিলৰ ক্ষেত্ৰত কোনো সংৰক্ষণৰ সুবিধা নাথাকিব । আনহাতে শ্লীপাৰ কক্ষত অপেক্ষাৰত সূচীৰ টিকটৰ সীমা নিৰ্ধাৰণ কৰা হৈছে ২০০ টা । শীততাপ নিয়ন্ত্ৰক চেয়াৰ কাৰ আৰু ৩AC ৰ ক্ষেত্ৰত ১০০ টা আসন, ২AC ৰ ক্ষেত্ৰত ৫০ টা আসন আৰু কাৰ্যবাহী শ্ৰেণী (executive class) আৰু ১ AC ৰ বাবে ২০ টা টিকটৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । লগতে কোনো ধৰণৰ জৰুৰীকালীন টিকট বা প্ৰিমিয়াম টিকটৰ ব্যৱস্থা কৰা হোৱা নাই । আনহাতে টিকট বাতিলৰ ক্ষেত্ৰত ৰিফাণ্ডৰ প্ৰক্ৰিয়া পূৰ্ব দৰে একেই ৰখা হৈছে বুলি জানিব পৰা গৈছে । ৰে'ল চলাচল আৰম্ভ হোৱাৰ ২৪ ঘণ্টাৰ পাচত ৫০ শতাংশ টিকট মূল্য লাভ কৰিব যাত্ৰীয়ে । বিশেষ ৰে'লৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশাৱলী কাৰ্যকৰি হ'ব অহা ১৫ মে'ৰ পৰা ২২ মে'লৈ ।
এই নিৰ্দেশ ভাৰতীয় ৰে'লৱেৰ ফালৰ পৰা সকলো ক্ষেত্ৰীয় ৰে'লৱে (Zonal Railways) লৈ প্ৰেৰণ কৰা হৈছে । COVID-১৯ ৰ লক্ষণ ধৰা পৰা যাত্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ টিকট মূল্য় ঘূৰাই দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে । স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি ৰে'লত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো যাত্ৰীৰে স্বাস্থ্য় পৰীক্ষা কৰাটো বাধ্য়তামূলক । এই পৰীক্ষণ কাৰ্যত কোনো যাত্ৰীৰ দেহত সেই সময়ত কোভিডৰ লক্ষণ ধৰা পৰে তেন্তে তেনে যাত্ৰীৰ যাত্ৰাৰ অনুমতি প্ৰত্যাহাৰ কৰাৰ লগতে সম্পূৰ্ণ টিকটৰ মূল্য ঘূৰাই দিয়াৰ লগতে লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাৰ নিয়ম বান্ধি দিয়া হৈছে । তথ্য় অনুসৰি যাত্ৰা কৰাৰ তাৰিখৰ পৰা ৬ মাহৰ ভিতৰত টিকট জমা কৰাৰ পাচত টিকটৰ মূল্য ঘূৰাই পাবলৈ সক্ষম হ'ব ভুক্তভোগী যাত্ৰীয়ে । কেন্দ্ৰৰ এই ব্যৱস্থাই এইটোৱে ইংগিত বহন কৰিছে যে, লক্ ডাউনৰ মাজত যাত্ৰী সকলৰ বাবে শতাব্দী আৰু অন্যান্য মেইল এক্সপ্ৰেছ মোতায়েন কৰাৰ লগতে বিশেষ যাত্ৰীবাহি ৰে'লৰ অনুমতি প্ৰদানৰ কথা ।