ভূৱনেশ্বৰ, 3 জুনঃ ইষ্ট ক'ষ্ট ৰে'লৱে কতৃপক্ষই মঙলবাৰে এক বিশেষ ঘোষণা কৰে । অহা 8 জুনৰ পৰা 30 জুনলৈ উড়িষ্যাত 5 খন আন্তঃৰাজ্যিক বিশেষ ৰে'ল চলাচলৰ কথা ঘোষণা কৰিছে বিভাগটোৰ । ৰাজ্যখনত অহা 30 জুন পৰ্যন্ত সপ্তাহত পাঁচদিনকৈ অব্যাহত থাকিব এই 5 খন আন্তঃৰাজ্যিক বিশেষ ৰে'লৰ সেৱা । এই কথা সদৰী কৰিছে ECoR ৰ বিষয়ববীয়াই ।
উড়িষ্যাৰ বাবে 5 খন বিশেষ আন্তঃৰাজ্যিক ৰে'লৰ ঘোষণা - 8 জুনৰ পৰা 30 জুনলৈ উড়িষ্যাত চলাচল কৰিব 5 খন আন্তঃৰাজ্যিক বিশেষ ৰে'ল
অহা 8 জুনৰ পৰা 30 জুনলৈ উড়িষ্যাত চলাচল কৰিব 5 খন আন্তঃৰাজ্যিক বিশেষ ৰে'ল । কেৱল নিশ্চিত টিকটধাৰীয়েহে যাত্ৰা কৰিব পাৰিব এই বিশেষ ৰে'লত ।
Railways announces 5 intra-state special trains in Odisha
এই পাঁচখন ৰে'ল ৰাজ্যখনৰ চম্বলপুৰ, বালানগীৰ, ভদ্ৰক, ব্ৰহ্মপুৰ আৰু ক'ৰাপুট জিলালৈ চলাচল কৰিব বুলি জানিবলৈ দিয়ে । আনহাতে কেৱল নিশ্চিত টিকটধাৰীকহে এই ৰে'লত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব ।
আনহাতে ভূৱনেশ্বৰৰ পৰা নতুন দিল্লী, মুম্বাই আৰু হাওৰাহ লৈ চলাচল কৰা অন্যান্য বিশেষ ৰে'ল সমূহ পূৰ্বৰ দৰেই চলাচল কৰিব বুলি উল্লেখ কৰা হৈছে ।