অসম

assam

ETV Bharat / bharat

লক ডাউনৰ 10 দিনত 1.25 লাখ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে ভাৰতীয় ৰেল'ৱেয়ে - লক ডাউন

সোমবাৰে ভাৰতীয় ৰেল'ৱেয়ে প্ৰকাশ কৰে যে, লক ডাউনৰ প্ৰথম 10 দিনত ৰেল'ৱেৰ হেল্পনাইন নম্বৰত প্ৰায় 1.25 লাখ প্ৰশ্ন আহিছিল । গ্ৰাহকৰ এই সমূহ প্ৰশ্নৰ প্ৰায় 87 শতাংশৰে উত্তৰ মানব হস্তক্ষেপৰ দ্বাৰা দিয়া হৈছে।

লক ডাউনৰ 10 দিনত 1.25 লাখ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে ৰেল'ৱে
লক ডাউনৰ 10 দিনত 1.25 লাখ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে ৰেল'ৱে

By

Published : Apr 7, 2020, 10:05 AM IST

নিউজ ডেস্ক, 7 এপ্ৰিলঃ সোমবাৰে ভাৰতীয় ৰেল'ৱেয়ে প্ৰকাশ কৰে যে, লক ডাউনৰ প্ৰথম 10 দিনত ৰেল'ৱেৰ হেল্পনাইন নম্বৰত প্ৰায় 1.25 লাখ প্ৰশ্ন আহিছিল । গ্ৰাহকৰ এই সমূহ প্ৰশ্নৰ প্ৰায় 87 শতাংশৰে উত্তৰ মানব হস্তক্ষেপৰ দ্বাৰা দিয়া হৈছে । ভাৰতীয় ৰেল'ৱেৰ দ্বাৰা এই হেল্পালাইন নম্বৰ মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা 21 দিনীয়া লকডাউন ঘোষণা কৰাৰ পাচত ।

এই নিয়ন্ত্ৰণ কক্ষটো সঞ্চালক পৰ্যায়ৰ বিষয়াইদ্বাৰা সঞ্চালিত হৈ আছে , যিয়ে ফেচবুক, ইমেইল বা আন ছ'চিয়েল মাধ্যমেৰে অহা জনসাধাৰণৰ মতামত সমূহ চোৱা-চিতা কৰাৰ লগতে সেই সম্পৰ্কে ব্যৱস্থা গ্ৰহণ কৰে আৰু যাতায়ত সুচল কৰাৰ চেষ্টা কৰে ।

এই হেল্পলাইন 24x7 ৰ বাবে খোলা থাকে । চাৰিটা প্লেটফৰ্মত এই হেল্পলাইন উপলব্ধ । হেল্পলাইন নম্বৰ-139,138, টুইটাৰ, আৰু ইমেইল ।

হেল্পলাইন নম্বৰ 139ত 80,000 প্ৰশ্ন এটা এটাকৈ 10 দিনত আহিছিল, যি সমূহৰ উত্তৰ দিয়া হৈছিল ।

ABOUT THE AUTHOR

...view details