অসম

assam

ETV Bharat / bharat

COVID-১৯ : দুদিনলৈ বন্ধ থাকিব ৰে'ল ভৱনৰ কাৰ্যালয় - ২৬ মে' আৰু ২৭ মে' ত বন্ধ থাকিব ৰে'ল ভৱন

ৰে'লৱে কৰ্মচাৰী কৰ'ণা পজিটিভ ধৰা পৰাৰ লগে লগে তৎপৰ হৈছে ৰে'লৱে মন্ত্ৰণালয় । ৰে'ল ভৱনৰ সকলো কাৰ্যালয় দুদিনলৈ বন্ধৰ ঘোষণা । ২৬ মে' আৰু ২৭ মে' ত বন্ধ থাকিব ৰে'ল ভৱন ।

Railway staff tests positive for COVID-19, Ministry to remain closed for next 2 days
Railway staff tests positive for COVID-19, Ministry to remain closed for next 2 days

By

Published : May 26, 2020, 9:29 AM IST

নতুন দিল্লী, ২৬ মে':ৰে'ল ভৱনৰ ৰে'লৱে কৰ্মচাৰীৰ দেহত পুনৰ কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰাৰ পৰা পাচত তৎপৰ হৈছে ৰে'লৱে মন্ত্ৰণালয় । সোমবাৰে মন্ত্ৰণালয়ৰ পৰা লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । দুদিনলৈ বন্ধ ৰখাৰ নিৰ্দেশ ৰে'লৱে ভৱনৰ সকলো কাৰ্যালয় ।

ৰে'লৱে মন্ত্ৰণালয়ৰ জাননী

উল্লেখ্য যে, বিগত দুটা সপ্তাহত ধৰা পৰা এইটো হৈছে পঞ্চমটো ঘটনা । যাৰ বাবে এক নিৰ্দেশনা জাৰি কৰি ২৬ মে' আৰু ২৭ মে' ৰে'ল ভৱনৰ সকলো কাৰ্যালয় বন্ধ ৰখাৰ লগতে সকলো কোঠা, সাধাৰণ ঠাইসমূহ চেনিটাইজ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে । সেয়েহে শুকুৰবাৰ পৰ্যন্ত বন্ধ থাকিব ৰে'ল ভৱনৰ চতুৰ্থ মহলৰ সকলো কাৰ্যালয় ।

ইয়াৰ পূৰ্বে চতুৰ্থটো কেচ দেওবাৰে ধৰা পৰিছিল । এজন ৰে'লৱে ভৱনৰ উচ্চস্তৰীয় বিষয়াৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি । আনকি সেই বিষয়াগৰাকীৰ সৈতে ঘনিষ্ঠ কৰ্মৰত কৰ্মচাৰী সকলকো পিচত হোম কোৱাৰেণ্টাইনলৈ পঠিয়াই দিয়া হয় বুলি জানিব পৰা যায় । কিন্তু ইয়াৰ এটা দিন পাচতেই পুনৰ এজন লোকৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত তৎপৰ হৈছে মন্ত্ৰণালয় । যাৰ বাবে দুদিনলৈ ৰে'ল ভৱন বন্ধ ৰাখি সকলো চেনিটাইজ কৰাৰ নিৰ্দেশ জাৰি কৰা হয় । ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা পজিটিভৰ সংখ্যা । ইতিমধ্য়ে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সংক্ৰমণ হোৱা ৰাষ্ট্ৰৰ ভিতৰত দশম স্থান দখল কৰিছে ভাৰতে ।

ABOUT THE AUTHOR

...view details