যাত্ৰীৰ ডাটা পেক ৰেহাই দিব ৰে'ল বিভাগে - বিনামূলীয়া ৱাই-ফাই সুবিধা
ৰেইলটেল (RailTel)ৰ মুখ্য় ব্যৱস্থাপনা নিৰ্দেশক পুনীত চাওলাই শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতবৰ্ষত সৰ্বমুঠ 2000টা ৰে'লৱে ষ্টেচনত ৱাই-ফাইৰে সংযুক্ত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ৰে'ল বিভাগ ৷
নিউজ ডেস্ক, 3 আগষ্টঃ ভাৰতীয় ৰে'লখণ্ডত সংযোজিত হোৱা ৱাই-ফাই সুবিধা দেশৰ সৰ্বমুঠ 2000টা ষ্টেচনত সংস্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ৰে'লৱে কৰ্তৃপক্ষই ৷ শনিবাৰে এই কথা প্ৰকাশ কৰিছে ৰে'ইলটেল(RailTel)ৰ মুখ্য ব্যৱস্থাপনা নিৰ্দেশক পুনীত চাওলাই ৷ ৰাজস্থানৰ ৰাণা প্ৰতাপ নগৰ ৰে'লৱে ষ্টেচনত শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় বিনামূলীয়া ৱাই-ফাই ইন্টাৰনেটৰ সুবিধা ৷ ইয়াৰ পিচতে ভাৰতীয় ৰে'লে গঢ়িবলৈ সক্ষম হয় এই অভূতপূৰ্ব অভিলেখ ৷ ভাৰতীয় ৰে'লৰ প্ৰধান ৰাজহুৱা খণ্ডৰ ইউনিট ৰে'ইলটেলে দেশৰ ৰে'লৱে ষ্টেচনত বিনামূলীয়া ৱাই-ফাই সুবিধা সংস্থাপন কৰি অহাৰ লগতে প্ৰদান কৰি আহিছে ইন্টাৰনেটৰ সুবিধা ৷ প্ৰথম অৱস্থাত ৰেইলটেলে দেশৰ 1600 টা ষ্টেচনত ৱাই-ফাই সংস্থাপন কৰিছিল আৰু বাকী 400 ষ্টেচনত টাটা ট্ৰাষ্টৰ সহযোগত বিনামূলীয়া ৱাই-ফাই ইন্টাৰনেট সংযোগ প্ৰদান কৰে ৰেইলটেলে ৷