অসম

assam

ETV Bharat / bharat

কোভিড আৰোগ্য কেন্দ্ৰলৈ সহায় প্ৰদান ভাৰতীয় ৰে'লৰ - জি কিষান ৰেড্ডী

দিল্লীৰ চট্টৰপুৰ ৰাধা স্বামী ব্যাসত নিৰ্মাণ কৰা COVID-19কেয়াৰ চেণ্টাৰত শনিবাৰে ৩০,০০০ খন বিচনা চাদৰ আৰু গাৰুৰ কোভাৰ প্ৰদান কৰে ভাৰতীয় ৰে'ল বিভাগে । শনিবাৰে এই কথা সদৰি কৰে গৃহ ৰাজ্য মন্ত্ৰী জি কিষান ৰেড্ডীয়ে ।

ভাৰতীয় ৰে'ল বিভাগ
চট্টৰপুৰৰ COVID-19কেয়াৰ চেণ্টাৰত বিচনা চাদৰ আৰু গাৰুৰ কভাৰ প্ৰদান ভাৰতীয় ৰে'ল বিভাগৰ

By

Published : Jun 28, 2020, 2:44 PM IST

নিউজ ডেস্ক, ২৮ জুনঃ ভাৰতীয় ৰে'ল বিভাগে শনিবাৰে দিল্লীৰ চট্টৰপুৰ ৰাধা স্বামী ব্যাসত নিৰ্মাণ কৰা COVID-19কেয়াৰ চেণ্টাৰত ৩০,০০০ খন বিছনা চাদৰ আৰু গাৰুৰ কোভাৰ প্ৰদান কৰে বুলি সদৰি কৰে গৃহ ৰাজ্য মন্ত্ৰী জি কিষান ৰেড্ডীয়ে ।

ৰেড্ডীয়ে কয় যে, ৰাধা স্বামী ব্যাসত ১০,০০০ খন বিচনাযুক্ত তথা বিশ্বৰ ভিতৰতে বৃহৎ COVID-19 কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে । মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে কৰ'ণা আক্ৰান্তৰ সংখ্যা শীঘ্ৰে হ্ৰাস হওক আৰু এই বিচনা ব্যৱহাৰ নহওক ।

চট্টৰপুৰৰ COVID-19কেয়াৰ চেণ্টাৰত বিচনা চাদৰ আৰু গাৰুৰ কভাৰ প্ৰদান ভাৰতীয় ৰে'ল বিভাগৰ

ইয়াৰ পূৰ্বে শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চট্টৰপুৰস্থিত COVID-19 কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে । আনহাতে, শনিবাৰে পৰ্যন্ত ৰাজধানী দিল্লীত ৭৭,২৪০ গৰাকী ব্যক্তিৰ দেহত মহামাৰী কৰ'ণাৰ উপস্থিতি লাভ কৰে বুলি সদৰি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ।

লগতে পঢ়কঃচীনৰ কোম্পানীৰ বিৰুদ্ধে সৰব জোমেটোৰ কৰ্মচাৰী, জ্বলাই দিলে টি-চাৰ্ট

ABOUT THE AUTHOR

...view details