নিউজ ডেস্ক, ২ জুনঃকেজৰিৱাল চৰকাৰৰ অনুৰোধত ৰেল বিভাগে স্বাস্থ্য বিভাগক প্ৰদান কৰিছে ১০ টা আইচ'লেশ্বন দবা । এই ১০ টা বিশেষ আইচ'লেশ্বন দবা থকা ৰেলখন দিল্লীৰ ঠাকুৰবস্তী অঞ্চলত ৰখা হৈছে। এই বিশেষ ৰেলখনত ১৬০ জন কোভিড ১৯ আক্ৰান্ত ৰোগীক ৰখাৰ সুবিধা আছে। সম্প্ৰতি ঠাকুৰ বস্তীত থকা ৰেলখনত কোনো ৰোগীক ভৰ্তি কৰোৱা হোৱা নাই যদিও ৰোগীৰ সংখ্যা বৃদ্ধি পালে এই ডবাসমূহত ৰখাৰ সম্ভাৱনা আছে।
দিল্লীৰ স্বাস্থ্য বিভাগলৈ ৰেল বিভাগৰ ১০ টা আইচ'লেশ্বন দবা প্ৰদান - কোভিড ১৯
দিল্লী চৰকাৰৰ অনুৰোধত ৰেল বিভাগে প্ৰদান কৰিলে ১০ টা আইচোলেশ্বন দবা । শীঘ্ৰে এই ডবাসমূহত কোভিড ১৯ আক্ৰান্ত ৰোগীক ভৰ্তি কৰোৱাৰ সম্ভাৱনা।

Railway handed over 10 isolation coaches on the demand of Kejriwal government