অসম

assam

ETV Bharat / bharat

NEET-JEE পৰীক্ষাক কেন্দ্ৰ কৰি কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ

"মন কী বাত"ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে NEET আৰু JEE পৰীক্ষাৰ বিষয়ে কোনো কথা উল্লেখ নকৰা বিষয়ক কেন্দ্ৰ কৰি, কেন্দ্ৰৰ বিৰুদ্ধে সমালোচনামূলক মন্তব্য কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয় ৷

ৰাহুল গান্ধী
ৰাহুল গান্ধী

By

Published : Aug 31, 2020, 9:54 AM IST

নেশ্যনেল ডেস্ক, 31 আগষ্ট: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয় দেওবাৰে মাহিলী অনাতাঁৰ অনুষ্ঠান "মন কী বাত"ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে NEET আৰু JEE পৰীক্ষাৰ বিষয়ে কোনো কথা উল্লেখ নকৰাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কৰে ৷ মোডীয়ে NEET আৰু JEE পৰীক্ষাৰ পৰিৱৰ্তে "খিলোনে পে চৰ্চা"হে অনুষ্ঠিত কৰে ৷

"NEET-JEE পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলে বিচাৰে যে, প্ৰধানমন্ত্ৰীয়ে 'পৰীক্ষা পে চৰ্চা' কৰক ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে 'খিলোনে পে চৰ্চা'হে কৰিলে ৷" এনেদৰে টুইটযোগে নিজৰ মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

তেওঁৰ এই কটাক্ষ কৰে মোডীৰ মাহিলী অনাতাঁৰ অনুষ্ঠান "মন কী বাত"ৰ পাচত ৷ য'ত প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছিল যে, বিশ্ব খেলনা উদ্যোগটো 7 লাখ কোটি টকাৰ, কিন্তু এই ক্ষেত্ৰত ভাৰতৰ অংশিদাৰিত্ব একেবাৰে কম ৷ ইয়াৰোপৰি তেওঁ "ভকেল ফৰ লোকেল টয়জ" বুলি উল্লেখ কৰি ভাৰতত খেলনা প্ৰস্তুতৰ উদ্যোগ গঢ়ি তোলাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে ৷

আনহাতে দেশত কৰ'ণা মহামাৰীৰ ক্ৰমবৰ্ধমান হাৰৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সুজেৱালায়ো চৰকাৰক সমালোচনা কৰে ৷ "Covid-19 ৰ ক্ৰমবৰ্ধমান সংখ্যাত প্ৰতিবন্ধকতা লগোৱাটো সহজ নহয় ৷ তাৰ মাজতে কোনো ধৰণৰ সুৰক্ষা প্ৰট'কল অবিহনেই JEE-NEET পৰীক্ষা অনুষ্ঠিত কৰোটো আৱশ্যক ৷ ঠিকেই আছে ! কিন্তু সংসদত প্ৰশ্নৰ সময়ৰ বাবে অনুমতি প্ৰদান কৰাটোহে ভুল" বুলি তেওঁ কটাক্ষ কৰে ৷

লগতে পঢ়ক:কংগ্ৰেছৰ সভাপতি নিৰ্বাচন সন্দৰ্ভত সঞ্জয় নিৰুপমৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details