অসম

assam

ETV Bharat / bharat

ভাৰতৰ জিডিপিৰ বিকাশ স্বাধীনতাৰ পাচতে আটাইতকৈ কম হ'ব পাৰে: ৰাহুল গান্ধী - ৰাহুল গান্ধী

টুইটাৰযোগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি কয়, ভাৰতৰ জিডিপিৰ বিকাশ স্বাধীনতাৰ পাচতে হয়তো আটাইতকৈ কম হ'ব পাৰে ৷

ৰাহুল গান্ধী
ৰাহুল গান্ধী

By

Published : Aug 12, 2020, 3:10 PM IST

নেশ্যনেল ডেস্ক, 12 আগষ্ট: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ বিজেপিয়ে দিয়া "মোডী হ্যে তোহ মুমকিন হ্যে" শীৰ্ষক শ্ল'গানৰ উদ্ধৃতিৰে আক্ৰমণ কৰি কয়, ভাৰতৰ জিডিপিৰ বিকাশ স্বাধীনতাৰ পাচতে হয়তো আটাইতকৈ কম হ'ব পাৰে ৷

তেওঁ টুইটাৰত ইনফ'চিছৰ স্থাপক এন.আৰ নাৰায়ণ মূৰ্তিৰ এক মন্তব্য সম্পৰ্কে এটি সংবাদ দিছিল যে, "জিডিপিৰ বৃদ্ধি 1947 ৰ পাচতে আটাইতকৈ কম হ'ব পাৰে ৷" এনেদৰে টুইট কৰি "মোডী হ্যে মুমকিন হ্যে" বুলিও উল্লেখ কৰে কংগ্ৰেছ নেতা গৰাকীয়ে ৷

বিগত সপ্তাহত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছিল, ভাৰতৰ প্ৰকৃত জিডিপি বিত্ত বৰ্ষ 2021 ৰ প্ৰথম ছমাহৰ লগতে একেলগে পূৰ্ণ বিত্তীয় বৰ্ষত চুক্তি কৰা হ'ব ৷

কংগ্ৰেছৰ প্ৰাক্তন প্ৰধানে চীনৰ দ্বাৰা সৃষ্ট পৰিস্থিতি, অৰ্থনৈতিক সংকট আৰু COVID-19 সহ বহু কেইটা বিষয়ক লৈ প্ৰধানমন্ত্ৰী তথা বিজেপি নেতৃত্বাধীন চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷

লগতে পঢ়ক:101 সংখ্যক জন্ম বাৰ্ষিকীত বিক্ৰম ছাৰাভাইৰ বিষয়ে জানো আহক...

ABOUT THE AUTHOR

...view details