অসম

assam

ETV Bharat / bharat

ৰাহুল গান্ধীক কংগ্ৰেছৰ দায়িত্ব গ্ৰহণৰ আহ্বান চলমান খুৰ্শিদৰ - ফেচবুকত কাশ্মীৰ সমস্যা

দেশৰ অন্যতম ৰাজনৈতিক নেতা জ্যেষ্ঠ কংগ্ৰেছী চলমান খুৰ্শিদে দলটোৰ উত্তৰদায়িত্ব চম্ভালি ল'বলৈ ৰাহুল গান্ধীক অনুৰোধ জনাইছে ৷ লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়ত দলটোক সৱল স্থিতিলৈ ঘুৰাই অনাৰ দায়িত্ব ৰাহুল গান্ধীক পালন কৰিবলৈ অনুৰোধ জনাই দেশৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷

প্ৰাক্তন বৈদেশিক মন্ত্ৰী চলমান খুৰ্শিদ

By

Published : Oct 13, 2019, 5:48 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰঃচলিত লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়ৰ পৰাই নেতৃত্বহীন হৈ পৰা কংগ্ৰেছ দলৰ উত্তৰদায়িত্ব ৰাহুল গান্ধীক ন্যস্ত কৰিবলৈ আহ্বান জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ৷ নেতৃত্বহীন হৈ পৰা কংগ্ৰেছ দলক উদ্ধাৰ কৰিবলৈ দেশৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা চলমান খুৰ্শিদে দেওবাৰে এইদৰে মন্তব্য কৰে ৷

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী সময়তে দলটোৰ শীৰ্ষস্থানীয় নেতৃত্বই নিজৰ দায়িত্ব এৰাই চলা বুলি এদিন পূৰ্বে মন্তব্য কৰিছিল জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷ তাৰ পিচতেই দেওবাৰে কংগ্ৰেছ দলৰ সভাপতিৰ পদলৈ ৰাহুল গান্ধীক ঘুৰি আহিবলৈ আহ্বান জনায় চলমান খুৰ্শিদে ৷ এই মন্তব্যৰ পিচতে কংগ্ৰেছ দলৰ মুখপাত্ৰ পৱন খেৰাই খুৰ্শিদৰ এই মন্তব্যৰ সমালোচনা কৰি কিছুমান অৰ্থহীন মন্তব্য প্ৰদান কৰাৰ পৰিৱৰ্তে বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই দিবলৈ আহ্বান জনাইছিল নেতাগৰাকীক ৷

লগতে পঢ়কঃ 3খন চিনেমাৰ এদিনৰ উপাৰ্জন 120 কোটি, দেশৰ অৰ্থনীতি সৱলঃ ৰবিশংকৰ প্ৰসাদ

পৰৱৰ্তী সময়ত ছ'চিয়েল মিডিয়া ফেচবুকত সমগ্ৰ কাণ্ডক লৈ খুৰ্শিদ আৰু অন্যান্য কংগ্ৰেছী নেতাসকলৰ মাজত তীব্ৰ বাক্যবানৰ আদান প্ৰদান হৈছিল ৷ খুৰ্শিদে গান্ধী পৰিয়ালৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি নিজৰ মন্তব্য কৰা বুলি ফেচবুকত উল্লেখ কৰিছিল ৷ কংগ্ৰেছ দল এতিয়াও শক্তিশালী হৈ আছে আৰু বিজেপি দলক ওফৰাবলৈ শীৰ্ষ দলীয় নেতৃত্বত যথেষ্ঠ শুধৰনিৰ সম্ভাৱনাৰ থল আছে বুলি মন্তব্য কৰে চলমান খুৰ্শিদে ৷

ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে ফেচবুকত কাশ্মীৰ সমস্যাৰ কথাও উল্লেখ কৰিছিল ৷ যিসকলে দেশক ভালপায় তেওঁলোকে জম্মু-কাশ্মীৰক লৈ মৌন হৈ নাথাকে বুলি উল্লেখ কৰিছিল খুৰ্শিদে ৷

ABOUT THE AUTHOR

...view details