নিউজ ডেস্ক, 1 এপ্ৰিলঃ কংগ্ৰেছ দলে মঙলবাৰে প্ৰকাশ কৰিব দলটোৰ নিৰ্বাচনী ইস্তাহাৰ ৷ দলটোৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে উন্মোচন কৰিবলগীয়া নিৰ্বাচনী ইস্তাহাৰত নূন্যতম আয় যোজনাকে ধৰি স্বাস্থ্য, কৃষক অধিকাৰ, অন্যান্য পিছপৰা জাতি তথা দলিতৰ বাবে বিশেষ ব্যৱস্থা থাকিব বুলি ঠাৱৰ কৰা হৈছে ৷
ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ - कांग्रेस अध्यक्ष राहुल गांधी
লোকসভা নিৰ্বাচনৰ পূৰ্বেই মঙলবাৰে কংগ্ৰেছ দলে প্ৰকাশ কৰিব দলটোৰ নিৰ্বাচনী ইস্তাহাৰ

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ
দলটোৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, মঙলবাৰে দুপৰীয়াৰ ভাগত নতুন দিল্লীৰ কংগ্ৰেছ মুখ্যালয়ৰ পৰাই নিৰ্বাচনী ইস্তাহাৰখন উন্মোচন কৰিব দলটোৱে ৷ নিৰ্বাচনী ইস্তাহাৰ উন্মোচনত দলটোৰ নিৰ্বাচনী ইস্তাহাৰ কমিটিৰ অধ্যক্ষ পি চিদাম্বৰমকে ধৰি অন্যান্য় জ্যেষ্ঠ নেতাসকল উপস্থিত থাকিব ৷