নিউজ ডেস্ক, 2 আগষ্ট :দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে 31 জুলাইত পীপলছ ডেমোক্রেটিক ফ্রন্টৰ অধ্য়ক্ষ তথা জম্বু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ গৃহবন্দীৰ ম্যাদ 3 মাহৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে ৷ উক্ত বিষয় সন্দৰ্ভত দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, নেতা গৰাকীক চৰকাৰে গৃহবন্দী কৰি ৰখাতো সম্পূৰ্ণ অসংবিধানিক আৰু অগণতান্ত্ৰিক ৷ গতিকে, অনতিপলমে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক মুকলি কৰি দিয়াৰ দাবী উখাপন কৰিছে ৷
দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক টুইটত এই সন্দৰ্ভত উল্লেখ কৰি কয় যে, নেতা গৰাকীক এনেকৈ গৃহবন্দী কৰি ৰখাতো ভাৰতৰ লোকতন্ত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ ৷ লগতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে অবৈধভাবে ৰাজনৈতিক নেতা সকলক গৃহবন্দী কৰি ৰখা বুলিও কংগ্ৰেছ নেতা গৰাকীয়ে উল্লেখ কৰে ৷
কংগ্ৰেছ নেতা গৰাকীয়ে আকৌ উল্লেখ কৰি কয় যে, যোৱা বছৰৰ 5 আগষ্টৰ পৰা গৃহবন্দী কৰি ৰখা পীপলছ কনফাৰেন্সৰ সভাপতি তথা ৰাজ্যখনৰ প্রাক্তন মন্ত্রী ছাজাদ ল’নক মুক্তি দিয়া হয় ৷ গৃহবন্দীত্বৰ এবছৰ সম্পূর্ণ হ’বলৈ 5 দিন বাকী থকা অৱস্থাত ল’নক মুক্তি দিয়া হয় বুলি উল্লেখ কৰে ৷