নেশ্যনেল ডেস্ক, ৯অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ তীব্ৰ বাক্যবাণ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলৰ । শুকুৰবাৰে পবন টাৰ্বাইনৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা পৰামৰ্শক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পবন টাৰ্বাইন স্বচ্ছ খোৱাপানী, অক্সিজেন আৰু শক্তি উৎপন্ন কৰাত ব্যৱহাৰ কৰিব পাৰি বুলি পৰামৰ্শ দিছিল । কংগ্ৰেছ নেতাগৰাকীৰ সমালোচনামূলক মন্তব্যৰ পিছতে উভতি ধৰিলে পীযুষ গোয়েলে । বি জে পিৰ মুখপাত্ৰ সংবিত পাত্ৰই সমালোচনা কৰে ৰাহুল গান্ধীক । তেওঁ কয় যে, 'ৰাহুলে গান্ধীয়ে বৈজ্ঞানিক কাগজ-পত্ৰ পঢ়াৰ প্ৰয়োজন আছে।'
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰিছে যে, ভাৰতৰ বাবে প্ৰকৃত বিপদ এইটো নহয় যে, প্ৰধানমন্ত্ৰীৰ বোধশক্তি কম, তেওঁৰ চৌপাশে থকা কোনো ব্যক্তিৰে তেওঁক নেওচি কথা কোৱাৰ সাহস নাই । গোয়েলে লগতে ৱাইণ্ড এনাৰ্জী কোম্পানী মুৰব্বীৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে । ভিডিঅ'টোত দেখা গৈছে যে, পবন টাৰ্বাইন কেৱল শক্তি উৎপাদনতে নহয়, স্বচ্ছ খোৱাপানী, অক্সিজেন আৰু শক্তি উৎপন্ন কৰাতো ব্যৱহাৰ কৰা হয় ।