অসম

assam

ETV Bharat / bharat

আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ ৰাহুল গান্ধীৰ

সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন ৷ শুকুৰবাৰে ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে এক ৰেলীত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ পাচত হ’বলগীয়া বৈঠকত ৰাজ্যখনত বানৰ ফলত হোৱা লোকচান,কৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু আগন্তুক নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰা হ’ব ৷

By

Published : Aug 6, 2020, 8:11 AM IST

campaign for Bihar polls
বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ

নিউজ ডেস্ক, 6 আগষ্ট: আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে কুচ-কাৱাজ ৷ ইফালে বিহাৰৰ বিধানসভা নিৰ্বাচনৰ বাবেও সাজু হৈ উঠিছে কংগ্ৰেছ দল ৷ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে ৰাহুল গান্ধীয়ে এক ৰেলীত অংশগ্ৰহণ কৰিব,য’ত কংগ্ৰেছ যুৱনেতা গৰাকীৰ সৈতে উপস্থিত থাকিব ৰাজ্যখনৰ বহু কংগ্ৰেছী বিষয়াই ৷ লগতে,বিহাৰবাসীৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰিব কংগ্ৰেছে ৷

বিহাৰৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা সাংসদ শক্তি সিং গোহিলে এক সংবাদ গোষ্ঠীযোগে সদৰি কৰে যে, ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ কংগ্ৰেছৰ মুখ্য বিষয়া,চাৰিগৰাকী কৰ্মৰত সভাপতিৰ উপৰিও জিলা আৰু ব্লকৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হ’ব ৷ এই বৈঠকত ৰাজ্যখনত বানৰ ফলত হোৱা লোকচান, কৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰু আগন্তুক নিৰ্বাচনী প্ৰচাৰৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰা হ’ব ৷

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে বিহাৰ নিৰ্বাচন সন্দৰ্ভত দলৰ নেতাসকলৰ সৈতে কথা-বতৰা পাতিছিল ৷ আলোচনাৰ পাচত দলৰ নেতাসকলে ৰাজ্যত মিত্ৰজোঁটৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হয় ৷

আনহাতে সূত্ৰই জনোৱা মতে,আসন ভাগ-বতৰা প্ৰক্ৰিয়াক লৈ এতিয়াও শেষ সিদ্ধান্ত উপনীত হোৱা নাই ৷ নিৰ্বাচনী আয়োগে বিহাৰৰ নিৰ্বাচনৰ তাৰিখক লৈ কোনো অন্তিম সিদ্ধান্ত ঘোষণা কৰা নাই যদিও ৰাজনৈতিক দলসমূহক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহ্বান জনায় ৷ চলিত বৰ্ষৰ অন্তিম মাহত বিহাৰৰ বিধানসভা নিৰ্বাচন সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, 2015 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে দল-ইউনাইটেড আৰু ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে সংযুক্ত মিত্ৰজোঁট গঠন কৰিছিল ৷ ইয়াৰ পাচত জেডি-ইউয়ে পুনৰ ভাৰতীয় জনতা পাৰ্টীলৈ উভতি যায় ৷

লগতে পঢ়ক:আহমেদাবাদৰ ক'ভিড হাস্পতালত অগ্নিকাণ্ড : 8 ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details