নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ :কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰক দেশত নিৱনুৱা সমস্যা বৃদ্ধি পোৱাৰ বাবে সমালোচনা কৰে ৷
এক টুইটৰ জৰিয়তে গান্ধীয়ে কয়, "দেশৰ যুৱচামে নিৱনুৱা সমস্যাত ভূগিব লগা হৈছে, সাধাৰণ জনতা মুদ্ৰাস্ফীতিৰে আৰু কৃষকসকলে আক্ৰমণৰ সন্মুখীন হ'বলগা হৈছে 'বন্ধু' মিত্ৰ আইনেৰে, এয়াই মোডী চৰকাৰ ৷"
সোমবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে, নতুন কৃষি আইন বাতিল কৰিব লাগে আৰু কয় যে, আত্মনিৰ্ভৰশীল কৃষকৰ অবিহনে দেশ আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে ৷
উল্লেখ্য যে, প্ৰাক্তন কংগ্ৰেছ প্ৰধানগৰাকী দেওবাৰে ইটালীলৈ ৰাওনা হৈছে ৷ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱসৰ এদিন পূৰ্বে ইটালীলৈ ৰাওনা হোৱা বাবে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী বিজেপি দলৰ নেতাই ৷
লগতে পঢ়ক :সীমান্তত শেন চকু দিয়াসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব-ৰাজনাথ সিং