নিউজ ডেস্ক, 8 জুন : কংগ্ৰেছৰ অধ্যক্ষতাৰ আসনৰ পৰা ৰাহুল গান্ধীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বিষয়টোত মাত মাতিছে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে৷ ৰাহুল গান্ধীৰ অনুপস্থিতিত কংগ্ৰেছৰ অধ্যক্ষ পদৰ বাবে যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ ৰাহুললৈ আহ্বান জ্যেষ্ঠ কংগ্ৰেছী নেতা এম বিৰপ্পা মইলিৰ৷
অধ্যক্ষতাৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে যোগ্য প্ৰাৰ্থী নিয়োগ কৰক ৰাহুলে : এম বিৰপ্পা মইলি - ৰাহুল গান্ধী
ৰাহুল গান্ধীৰ সৱল নেতৃত্বক দোহাই দি পৰৱৰ্তী অধ্যক্ষ নিৰ্বাচন কৰাৰ দায়িত্বও ৰাহুলৰেই বুলি প্ৰকাশ কৰে বিৰপ্পা মইলিয়ে৷
অধ্যক্ষতাৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে যোগ্য প্ৰাৰ্থী নিয়োগ কৰক ৰাহুলে : এম বিৰপ্পা মইলি
ৰাহুল গান্ধীৰ সৱল নেতৃত্বক দোহাই দি পৰৱৰ্তী অধ্যক্ষ নিৰ্বাচন কৰাৰ দায়িত্বও ৰাহুলৰেই বুলি প্ৰকাশ কৰে বিৰপ্পা মইলিয়ে৷ লোকসভা নিৰ্বাচনত পৰাজয়ৰ পাচত কংগ্ৰেছে এই সময়ছোৱাত হাত সাৱটি বহি নাথাকি দায়িত্ব সহকাৰে কাৰ্য পালন কৰিব লাগে বুলি প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷
উল্লেখ্য যে, লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাচতে দলৰ অধ্যক্ষতাৰ পদ এৰাৰ সিদ্ধান্ত লৈছিল ৰাহুল গান্ধীয়ে৷ কিন্তু কংগ্ৰেছৰ কাৰ্যকৰী কমিটিয়ে নাকচ কৰিছিল ৰাহুলৰ সিদ্ধান্ত৷