অসম

assam

ETV Bharat / bharat

ছত্তিশগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী - ছত্তিছগড় বাতৰি

ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত উপস্থিত কংগ্ৰেছৰ পূৰ্বৰ অধ্যক্ষ ৰাহুল গান্ধী ৷ ৰায়পুৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱ মুকলি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

ছত্তিছগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী
ছত্তিছগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী

By

Published : Dec 27, 2019, 12:57 PM IST

নিউজ ডেস্ক, 27 ডিচেম্বৰ: আজি ছত্তিশগড়ৰৰ Science College ground ত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় এই মহোৎসৱ ৷ দেশৰ 25 খন ৰাজ্য আৰু 6 খন আন ৰাষ্ট্ৰৰ 1,350 জনৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিছে ৷

ছত্তিছগড়ত ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱৰ শুভাৰম্ভণী:উপস্থিত ৰাহুল গান্ধী

এই মহোৎসৱৰ শুভাৰম্ভণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাহুল গান্ধী ৷ আনহাতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অনুষ্ঠানৰ সভাপতিত্ব কৰে বুলি এজন চৰকাৰী জনসংযোগ বিষয়াই জানিবলৈ দিয়ে ৷ 4 সহস্ৰাধিক লোকক আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে এই Science College groundl৷তাৰোপৰি এখন গ্ৰন্থমেলা, আৰু পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিপণীও খোলা হৈছে এই মহোৎসৱত ৷ দৰ্শকৰ আকৰ্ষণৰ বাবে ছত্তিশগড়ৰ ইতিহাস,পৰ্যটন আৰু কলা-সংস্কৃতিক প্ৰতিনিধিত্ব সামগ্ৰীসমূহৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে উক্ত নৃত্য মহোৎসৱত ৷

এই নৃত্য প্ৰতিযোগিতা 4 টা ভাগত বিভক্ত হ'ব বিবাহ তথা অন্যান্য শুভ অনুষ্ঠানত পৰিৱেশন কৰা নৃত্য, কৃষিখণ্ডৰ লগত জড়িত নৃত্য,পৰম্পৰাগত উৎসৱত পৰিবেশন কৰা নৃত্য,আৰু লোক শাস্ত্ৰীয় নৃত্য ৷ এই নৃত্য মহোৎসৱত 39 টা জনজাতি দলে 43 টা ভিন্ন ভিন্ন নৃত্য শৈলীত এই চাৰিটা খণ্ডত নৃত্য প্ৰদৰ্শন কৰিব ৷

ৰাহুল গান্ধীৰ লগতে এই শুভাৰম্ভণী অনুষ্ঠানত কংগ্ৰেছৰ বহু নেতা যেনে গুলাম নবী আজাদ,আনন্দ শৰ্মা,আহমেদ পেটেল, আৰু সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰিয়ংকা গান্ধী ৱাদ্ৰাও মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷

লগতে চাওকঃ এইগৰাকী মন্ত্ৰীৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰে নেকি প্ৰফুল্ল কুমাৰ মহন্তই !

ABOUT THE AUTHOR

...view details