নেশ্যনেল ডেস্ক, 17 জুলাই : শুকুৰবাৰে কংগ্ৰেছ যুৱ নেতা ৰাহুল গান্ধীয়ে দেশত বৃদ্ধি পোৱা কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা সন্দৰ্ভত কয় যে,কৰ’ণাৰ প্ৰকোপ ৰোধ কৰিব নোৱাৰিলৈ 10 আগষ্টলৈ ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 20 লাখ হ’ব ৷
লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ টুইটযোগে অনুৰোধ জনাই কয় যে,চৰকাৰে অতি শীঘ্ৰেই কৰ’ণাৰ প্ৰকোপ ৰোধ কৰিবলৈ উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ উল্লেখ্য যে,চলিত সপ্তাহত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 10 লক্ষাধিক হ’ব বুলি 14 জুলাইত কংগ্ৰেছ নেতাগৰাকীয়ে টুইটযোগে সদৰি কৰিছিল ৷