অসম

assam

ETV Bharat / bharat

আজি অন্ধ্ৰপ্ৰদেশত ৰাহুলৰ নিৰ্বাচনী প্ৰচাৰ সভা - অন্ধ্ৰপ্ৰদেশ গণসভা

লোকসভা নিৰ্বাচনৰ সময় চমু চপাৰ লগে-লগেই ব্যস্ততা বাঢ়িছে কংগ্ৰেছৰ ৷ নিৰ্বাচনী ৰেলী, জনসভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী যুঁজলৈ প্ৰস্তুত হৈছে দেশৰ প্ৰধান বিৰোধী দলটো ৷

etv bharat

By

Published : Mar 31, 2019, 4:10 PM IST

নিউজ ডেস্ক, 31 মাৰ্চ : নিৰ্বাচনী ৰণডংকা বজাই আজি অন্ধ্ৰপ্ৰদেশত এক বিশাল নিৰ্বাচনী গণসভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷ শাসনত অধিষ্ঠিত হ'লেই অন্ধ্ৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুল গান্ধীয়ে ৷ এই সভাতেই পাঁচ বছৰে উন্নয়নৰ নামত কেৱল বুকুহে ফিন্দোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিক ভেঙুচালি আখ্যা দিয়ে ৰাহুলে ৷

দেশৰ শাসনভাৰ লাভ কৰিলে কংগ্ৰেছে দেশৰ প্ৰত্যেকজন ব্যক্তিৰে উন্নয়নত গুৰুত্ব আৰোপ কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুল গান্ধীয়ে ৷ নিবনুৱা সমস্যা সমাধানৰ বাবে আম্বানীৰ নিচিনা ব্যৱসায়ীক প্ৰদান কৰা ধন উভতাই আনি যুৱ ব্যৱসায়ী সকলে স্বাধীন ব্যৱসায় প্ৰতিষ্ঠা কৰাৰো সুযোগ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাহুল গান্ধীয়ে ৷ ইয়াৰ লগতে দেশৰ 20 শতাংশ দৰিদ্ৰ পৰিয়ালক বাৰ্ষিক 72,000 টকাকৈ প্ৰদান কৰি 5 কোটি জনসাধাৰণক উপকৃত কৰাৰো আশ্বাস প্ৰদান কৰে কংগ্ৰেছৰ অধ্যক্ষ গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details