নিউজ ডেস্ক, 24 আগষ্টঃজম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ বাবে শ্ৰীনগৰলৈ ৰাওনা হৈছে বিৰোধীৰ প্ৰতিনিধি দল ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীৰ প্ৰতিনিধি দলটোৱে দিল্লী বিমানবন্দৰৰ পৰা শ্ৰীনগৰলৈ বুলি ৰাওনা হৈছে ৷
শ্ৰীনগৰলৈ বুলি ৰাওনা ৰাহুল গান্ধীৰ লগতে বিৰোধীৰ প্ৰতিনিধি দল - শ্ৰীনগৰলৈ বুলি ৰাওনা ৰাহুল গান্ধী নিউজ
অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচত বিৰোধীৰ প্ৰতিনিধি দল জম্মু-কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ৷ ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীৰ প্ৰতিনিধি দলটোৱে শ্ৰীনগৰলৈ বুলি ৰাওনা হৈছে ৷
উল্লেখ্য যে, যোৱাকালি অৰ্থাৎ শুকুৰবাৰে কংগ্ৰেছ দলৰ সভাত বিৰোধীৰ উমৈহতীয়া এটি প্ৰতিনিধি দল জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ দলে ৷ সেই অনুসৰি কংগ্ৰেছ, চিপিআইএম, চিপিআই, আৰজেডি, এনচিপি, টিএমচি আৰু ডিএমকে দলৰ জ্যেষ্ঠ নেতাসকলৰ প্ৰতিনিধি দলটোৱে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ ল'বলৈ শ্ৰীনগৰলৈ ৰাওনা হয় ৷
আনহাতে বিৰোধীৰ প্ৰতিনিধি দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বেই জম্মু-কাশ্মীৰ প্ৰশাসনৰ হৈ তথ্য আৰু জনসংযোগ বিভাগে নিষেধাজ্ঞা জাৰি কৰে ৷ বিভাগটোৱে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি, কোনো ৰাজনৈতিক নেতা জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব নোৱাৰিব ৷ ইয়াৰ পূৰ্বেও কংগ্ৰেছী নেতা গুলাম নবী আজাদে দুবাৰকৈ জম্মু-কাশ্মীৰত প্ৰৱেশৰ চেষ্টা চলাইছিল যদিও বিমানবন্দৰৰ পৰাই ওভোটাই পঠিওৱা হৈছিল নেতাগৰাকীক ৷ শেহতীয়াকৈ ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে জম্মু-কাশ্মীৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷