অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশ চৰকাৰক গুণ্ডাৰাজ অভিহিত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ

গাজিয়াবাদৰ সাংবাদিক বিক্ৰম যোশীৰ হত্যা সন্দৰ্ভত শোক প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । সাংবাদিক গৰাকীৰ হত্যা সন্দৰ্ভত বিজেপি চৰকাৰক আক্ৰমণাত্মক মন্তব্য কৰি উত্তৰ প্ৰদেশ চৰকাৰে গুণ্ডা ৰাজ চলাইছে বুলি মন্তব্য কৰে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধী
ৰাহুল গান্ধী

By

Published : Jul 22, 2020, 8:10 PM IST

নিউজ ডেস্ক, ২২ জুলাইঃকংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক "গুণ্ডা ৰাজ"বুলি মত ব্যক্ত কৰে। গাজিয়াবাদৰ বিক্ৰম যোশী নামৰ সাংবাদিক জনে নিজৰ ভাগিনিয়েকৰ লগত হোৱা অসৎ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সময়ত সোমবাৰে নিশা কোনো দুৰ্বৃত্তই গুলীয়াই থৈ যায় বিক্ৰম যোশীক।

গুৰুতৰভাৱে আহত সাংবাদিক যোশীক হাস্পতালত ভৰ্তি কৰায় যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যোশীৰ। যাৰ বাবেই কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰি যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰক আক্ৰমণ কৰে।

ৰাহুল গান্ধীয়ে টুইটযোগে কয় যে, “নিজৰ ভাগিনৰ লগত হোৱা অসৎ ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে গুলীয়াই হত্যা কৰে সাংবাদিক বিক্ৰম যোশীক । পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিলো । ৰাম ৰাজ্য গঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল,কিন্তু দেখুৱালে গুণ্ডাৰাজ । ”

ABOUT THE AUTHOR

...view details