অসম

assam

By

Published : Jun 26, 2020, 11:33 AM IST

ETV Bharat / bharat

বিহাৰত বজ্ৰপাতত প্ৰাণ হেৰুৱালে ৮৩ গৰাকীয়ে : ৰাহুল গান্ধীৰ শোক প্ৰকাশ

বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকীকৈ ব্যক্তিৰ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে স্থানীয় কংগ্ৰেছ নেতা তথা কাৰ্যকৰ্তাক পৰিয়ালকেইটালৈ সহায় আগবঢ়াবলৈ অনুৰোধ জনাই কংগ্ৰেছৰ যুৱ নেতাগৰাকীয়ে ৷

বিহাৰ
বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকী মৃত্যুকলৈ শোক প্ৰকাশ ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ২৬ জুনঃ বৃহস্পতিবাৰে বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকীকৈ ব্যক্তিৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ।

বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকী মৃত্যুকলৈ শোক প্ৰকাশ ৰাহুল গান্ধীৰ

বিহাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি, বিহাৰত বিগত ২৪ ঘণ্টাত মুষলধাৰ বৰষুণ, বতাহ আৰু বজ্ৰপাতৰ পৰিণতিতে মৃত্যু হয় ৮৩ গৰাকীকৈ লোকৰ ।

আনহাতে, ঘটনা সন্দৰ্ভত ৰাহুল গান্ধীয়ে টুইটযোগে কয়, "বিহাৰত বজ্ৰপাত পৰি ৮৩ গৰাকীকৈ লোকৰ মৃত্যু হোৱা খবৰ পোৱা পাচতে মই হতাশ হৈ পৰিছো । ভগৱানে মৃতকৰ পৰিয়ালক এই দুখৰ সময়ত সাহস দিয়ক । মই কংগ্ৰেছৰ কাৰ্যকৰ্তা তথা নেতাসকলক এই দুখৰ সময়ত পৰিয়াল কেইটাক সহায় কৰিবলৈ অনুৰোধ জনাইছো ।"

উল্লেখ্য যে, বিহাৰত বজ্ৰপাত পৰি মৃত্যু হোৱা ব্যক্তিসকলৰ পৰিয়াললৈ ইতিমধ্যে ৪ লাখ টকাকৈ আগবঢ়াব বুলি সদৰি কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে ।

লগতে পঢ়ক : গোলকীয় মহাকাশ অৰ্থনীতি দখল কৰাৰ বাবে ব্যক্তিগত উদ্যোগৰ প্ৰয়োজনঃ ISRO

ABOUT THE AUTHOR

...view details