নেশ্যনেল ডেস্ক, ৪ জুন: শেহতীয়া কোভিড-১৯ৰ বাবে দেশজুৰি আৰ্থিক সংকটৰ বিষয়ত বিখ্যাত উদ্যোগপতি ৰাজীৱ বাজাজৰে ৰাহুল গান্ধীৰ হোৱা সাক্ষাৎ বৃহস্পতিবাৰে পুৱা ১০ বজাত প্ৰচাৰ কৰা হয় । কৰ'ণা ভাইৰাছৰ প্ৰভাৱৰ ক্ষেত্ৰত হোৱা এই আলোচনাত বিভিন্ন ক্ষেত্ৰ বিশেষজ্ঞসকলো জড়িত হৈ আছে ।
চ'ছিয়েল মিডিয়াত এই বাৰ্তালাপৰ এটা অংশ অৰ্থাৎ টিজাৰ ইতিমধ্যে প্ৰচাৰ কৰা হয় আৰু এই প্ৰচাৰৰ যোগেদি ৰাহুল গান্ধীয়ে বিশেষজ্ঞসকলৰ সৈতে কৰণা ভাইৰাছক লৈ সংশয় ব্যক্ত কৰাৰ লগতে এই ভাইৰাছত আক্ৰান্ত হ'লে ইয়াৰ পৰা সুৰক্ষা পোৱাতো অসম্ভৱ বুলি কোৱা পৰিলক্ষিত হৈছে । লগতে বাজাজ অটোৰ মুখ্য সঞ্চালক ৰাজীৱ বাজাজে লক ডাউনৰ ফলত বাজাজ কোম্পানীত হোৱা লোকচানৰ কথা ব্যক্ত কৰে ।