অসম

assam

ETV Bharat / bharat

নিজ সমষ্টিৰ ৰোগীক সহায়ৰ আশ্বাস ৰাহুল গান্ধীৰ - ৰাহুল গান্ধী

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজ সমষ্টি ওৱানাডৰ সকলো ৰোগীকে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, কংগ্ৰেছ নেতা জনে চিকিৎসা কৰোৱাব 1000 ৰোগীক ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী
ওৱানাডৰ ৰোগীক সহায়ৰ আশ্বাস ৰাহুল গান্ধীৰ

By

Published : Apr 29, 2020, 4:06 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিলঃ কংগ্ৰেছ নেতা তথা ওৱানাডৰ সাংসদ ৰাহুল গান্ধীয়ে স্থানীয় নেতা সকলৰ সৈতে COVID-19 লক্ ডাউন সন্দৰ্ভত ভাব বিনিময় কৰে ।

মঙলবাৰৰ এই আলোচনাত স্থানীয় নেতা সকলে সমষ্টিটোত বহু যকৃৎ, হৃদপিণ্ড, কলিজা আদি ৰোগত আক্ৰান্ত ৰোগীয়ে যন্ত্ৰণা ভুগি থকাৰ কথা ৰাহুল গান্ধীক অৱগত কৰে ।

তাৰ পাচতে ৰাহুল গান্ধীয়ে তেনে ৰোগী সকলক চিকিৎসা কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে । এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰায় 1000 লোকক সহায় কৰিব ৰাহুল গান্ধীয়ে ।

ইয়াৰ পূৰ্বে ৰাহুলে সমষ্টিটোলৈ PPE কীট আৰু থাৰ্মেল স্কেনাৰ প্ৰদান কৰিছিল ।

ABOUT THE AUTHOR

...view details