নেশ্যনেল ডেস্ক, 25 জুলাই :ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ বাবে ভাৰতীয় জনতা দলক জগৰীয়া কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে কয় যে, বিজেপিয়ে ৰাজস্থান চৰকাৰক নিজৰ অধীন কৰিব বিচাৰিছে ৷ লগতে গান্ধীয়ে বিধানসভাৰ অধিবেশন আয়োজন কৰিবলৈ ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰাক অনুৰোধ জনায় ৷
এক টুইটৰ জৰিয়তে গান্ধীয়ে কয়,"দেশত শাসনৰ ক্ষেত্ৰত কিছু নিয়ম থাকে ৷ চৰকাৰ গঠন হয় আৰু সংখ্যগৰিষ্ঠতাৰ জৰিয়তে পৰিচালিত হয় ৷ এয়া ৰাজস্থানৰ 8 কোটি জনতালৈ অপমান ৷"
লগতে কালৰাজ মিশ্ৰাক এখন বিধানসভা অধিবেশন অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাই গান্ধীয়ে কয়,"ৰাজ্যপালে এখন বৈঠক অনুষ্ঠিত কৰিব লাগে যাতে দেশে সত্যটো বুজি উঠে ৷"