অসম

assam

ETV Bharat / bharat

ৰহিংগীয়া সমস্যাঃ মধ্যস্থতাকাৰীৰ ৰূপত জাপান

এইফালে, বাংলাদেশৰ আইন মন্ত্ৰী আনিচুল হকে মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰক জনায় যে যদিওবা বাংলাদেশলৈ ৰহিংগীয়া সকলৰ আগ্ৰাসন কিছু পৰিমানে হ্ৰাস পাইছে কিন্তু সম্পূৰ্ণভাবে হ্ৰাস পোৱা নাই৷

ৰহিংগীয়া সমস্যাঃ মধ্যস্থতাকাৰীৰ ৰূপত জাপান

By

Published : Jul 31, 2019, 10:40 AM IST

Updated : Jul 31, 2019, 11:23 AM IST

ঢাকা, 31 জুলাই: ৰহিংগীয়াৰ ত্ৰাণকৰ্তাৰ ৰূপত জাপান ৷ ৰহিংগীয়া সকলক নিজৰ মাতৃভূমি ৰখিন জিলালৈ শান্তিপূৰ্ণ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত মঙলবাৰে জাপানক বাংলাদেশ আৰু ম্যানমাৰৰ মাজত মধ্যস্থতাকাৰীৰ দায়িত্ব অৰ্পন কৰা হয়৷ মঙলবাৰে বাংলাদেশৰ বিদেশ মন্ত্ৰী ড0 এ কে আব্দুল মমিন আৰু জাপানৰ প্ৰতিনিধি তাৰা কোনো'ৰ মাজত হোৱা এক দ্বিপাক্ষিক বৈঠকত উক্ত প্ৰস্তাৱটো গ্ৰহন কৰা হয়৷ উক্ত দ্বিপাক্ষিক বৈঠকৰ লগত সংগতি ৰাখি অনুস্থিত কৰা এক সংবাদমেলত দুয়োগৰাকী কূটনিতীবিদে ম্যানমাৰ চৰকাৰৰ ৰহিংগীয়া সকলৰ উভতাই পঠোৱাৰ ক্ষেত্ৰত এক শান্তিপূৰ্ণ পৰিবেশ গঠনৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰে ৷ নিজৰ তিনিদিনীয়া বাংলাদেশ ভ্ৰমণত দেশখনৰ কক্সো বজাৰৰ ৰহিংগীয়া অধিস্থিত এলেকা সমূহ পৰিদৰ্শন কৰে ৷ এইফালে, বাংলাদেশৰ আইন মন্ত্ৰী আনিচুল হকে মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰক জনায় যে যদিওবা বাংলাদেশলৈ ৰহিংগীয়া সকলৰ আগ্ৰাসন কিছু পৰিমানে হ্ৰাস পাইছে কিন্তু সম্পূৰ্ণভাবে হ্ৰাস পোৱা নাই৷ 2017 চনত 7 লাখতকৈ অধিক ৰহিংগীয়াক বলপূৰ্বকভাবে পশ্চিম ম্যানমাৰৰ পৰা উত্তৰ ৰখিন জিলালৈ উঠি যাবলৈ বাধ্য কৰোৱা হৈছিল ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই কয় যে, উক্ত জাতিগত গোষ্ঠীৰ বিৰুদ্ধে আক্ৰমনাত্মক গণহত্যা আৰু ধৰ্ষণ মাথো গণহত্যাৰ উদ্দেশ্যৰেই কৰা হৈছিল৷ পৰিণতিস্বৰূপে তিনি শতাধিক কেম্পত বাংলাদেশৰ কক্স বজাৰত এই সংখ্যালঘূসকলে আশ্ৰয় গ্ৰহন কৰে যিটোৱে বাংলাদেশত থকা ৰহিংগীয়াৰ সংখ্যা 1.2 লাখলৈ বৃদ্ধি কৰে৷ উল্লেখনীয় যে 2017 চনৰ নবেম্বৰ মাহত বাংলাদেশ আৰু ম্যানমাৰে এখন প্ৰত্যাৱৰ্তন হস্তাক্ষৰ কৰে যদিও এতিয়ালৈকে কোনো ৰহিংগীয়াই স্ব-ইচ্ছাই উভতা নাই ৷ বাংলাদেশে কয় যে, তেওঁলোকে কোনো ৰহিংগীয়াকে দেশ এৰি যাবলৈ বাধ্য নকৰায়৷ শনিবাৰে ম্যানমাৰ চৰকাৰৰ 15 জনীয়া এক প্ৰতিনিধিৰ দলে কক্স বজাৰ পৰিদৰ্শণ কৰাৰ লগতে মুচলমান সমাজৰ সৈতে প্ৰত্যাৱৰ্তন সম্পৰ্কে কথা বতৰাও পাতে ৷ যোৱা নবেম্বৰ মাহত ৰহিংগীয়া সকলৰ প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয় যদিও কোনো ৰহিংগীয়াই শিবিৰ এৰি যাবলৈ মান্তি নহয়৷

ৰহিংগীয়া সমস্যাঃ মধ্যস্থতাকাৰীৰ ৰূপত জাপান
Last Updated : Jul 31, 2019, 11:23 AM IST

ABOUT THE AUTHOR

...view details