অসম

assam

ETV Bharat / bharat

লক ডাউন : দৰিদ্ৰলৈ বিতৰণ কৰা খাদ্য সামগ্ৰী বিক্ৰীৰ অভিযোগ

ছিৰছাত ৰেগপিকাৰ্ছৰ দ্বাৰা খাদ্য বিক্ৰী । সামাজিক সংগঠনৰ দ্বাৰা লক ডাউনৰ মাজত দৰিদ্ৰ লোকৰ বাবে বিতৰণ কৰা খাদ্য় সামগ্ৰী বিক্ৰীৰ অভিযোগ ।

Ragpickers allegedly selling food in Sirsa amid lockdown
Ragpickers allegedly selling food in Sirsa amid lockdown

By

Published : Apr 27, 2020, 10:01 AM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ ছিৰছাত পোহৰলৈ আহিছে এক লজ্জাজনক ঘটনা । অভিযোগ উঠিছে লক্ ডাউনৰ মাজতেই ছিৰছাত বহু লোকে ৰেগপিকাৰ্ছক বিক্ৰী কৰিছে খাদ্য সামগ্ৰী । যি বোৰ সামগ্ৰী সামাজিক সংগঠনৰ দ্বাৰা সাহায্য হিচাপে প্ৰদান কৰা হৈছিল লোক সকলক ।

ছিৰছাত ৰেগপিকাৰ্ছৰ দ্বাৰা খাদ্য বিক্ৰী

জানিব পৰা মতে, যি সকল লোকে নিজকে অসহায় প্ৰতিপন্ন কৰি আহিছিল তাৰ মাজৰেই একাংশ এতিয়া সামান্য মুনাফা আদায়ৰ বাবে এক নিলিৰ্জ কামত উঠি পৰি লাগিছে । ১৫-২০ টকা কিলোত ৰেগপিকাৰ্ছক বিক্ৰী কৰিছে খাদ্য় সামগ্ৰী । তাৰ পাচতেই ৰেগ ডিলাৰ সকলে এই সমূহ সামগ্ৰীৰ ৰুটি মীন পালন-হাঁহ-কুকুৰা ব্যৱসায়ীক ১৫-২০ টকাকৈ বিক্ৰী কৰি আহিছে । ইয়াৰ দ্বাৰা ডিলাৰ সকলে প্ৰতিকিলোত ৫-১০ টকা পৰ্যন্ত মুনাফা আদায় কৰিছে ।

স্থানীয় বাসিন্দা সন্দীপ চাইনীয়ে কয়, এই ৰুটি সমূহ দুখীয়া আৰু অনাহাৰ লোকৰ বাবে তৈয়াৰ কৰা হৈছিল । কিন্তু এইটো দুখজনক যে, পইচাৰ বাবে এইখিনি বিক্ৰী কৰা হৈছে । লক্ ডাউনৰ ফলত poultry (হাঁহ-কুকুৰা) ব্য়ৱসায় কৰা ব্যৱসায়ীৰ খাদ্য সংকটে দেখা দিছে । এনে অসহায় লোকৰ সুবিধা লৈ মুনাফা আদায় কৰাটো দুখজনক ।

উল্লেখ্য যে, ১৫ টা কৈ সামাজিক সংস্থা, প্ৰশাসনৰ লোকৰ সৈতে দৰিদ্ৰ, শ্ৰমিক সকলক খাদ্য যোগানত ব্যস্ত আছে ছিৰছাৰ বস্তি অঞ্চলত ।

এছডিএম জয়ভিৰ যাদৱ

এই সন্দৰ্ভত এছডিএম জয়ভিৰ যাদৱে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে । এনে ধৰণৰ ঘটনা অতি গুৰুত্ব সহকাৰে লৈ ইয়াৰ লগত জড়িত লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে । ছ'চিয়েল মিডিয়াতো ৰেগ ডিলাৰে ৰুটি বিক্ৰী কৰি থকা ভিডিঅ' ভাইৰেল হৈছিল ।

ABOUT THE AUTHOR

...view details