অসম

assam

By

Published : Jun 22, 2020, 9:23 PM IST

ETV Bharat / bharat

ৰাধিকা আপ্তেৰ "The Sleepwalkers"লৈ আন্তৰাষ্ট্ৰীয় বঁটা

"The Sleepwalkers" শীৰ্ষক চুটি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে চাহানা গোস্বামী আৰু গুলচন দেবৈয়াই। 'শ্লিপৱাকিং' ( sleepwalking) ক বিষয়বস্তু হিচাপে লৈ চুটি ছবিখনৰ কাহিনী নিৰ্মান কৰা হৈছে। অভিনেত্ৰী ৰাধিকা আপ্তে নিজে লিখিছে ছবিখনৰ কাহিনী।

The Sleepwalkers
Radhika's directorial debut The Sleepwalkers bags award at international fest

এণ্টাৰটেইনমেণ্ট ডেস্ক, ২২ জুনঃ অভিনেত্ৰী ৰাধিকা আপ্তেৰ পৰিচালনাত নিৰ্মিত প্ৰথমখন চুটি ছবি "The Sleepwalkers"য়ে লাভ কৰে 'শ্ৰেষ্ঠ মিডনাইট চুটি ছবি বঁটা'। চলিত বৰ্ষত 'পাল্মছ স্প্ৰিং আন্তৰাষ্ট্ৰীয় চুটি ছবি মহোত্সৱ'ত অনলাইনযোগে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত এই বটাঁ লাভ কৰিবলৈ সক্ষম হয় চুটি ছবিখনে ।

ৰাধিকা আপ্তেৰ "The Sleepwalkers"লৈ আন্তৰাষ্ট্ৰীয় বঁটা

'পাল্মছ স্প্ৰিং আন্তৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ'ৰ আয়োজক কমিটিয়ে ছ'চিয়েল মিডিয়াযোগে "The Sleepwalkers" চুটি ছবিখনে এই বঁটা লাভ কৰাৰ কথা ঘোষণা কৰে। লগতে, এই বিশেষ শিতানত সন্মান লাভ কৰিবলৈ লক্ষম হোৱাৰ বাবে ৰাধিকা আপ্তেক অভিনন্দন জ্ঞাপন কৰে ।

শীঘ্ৰে দৰ্শকে এই চুটি ছবিখন চাবলৈ পাবিৰ বুলি এটা নিউজ এজেঞ্চিক আগত অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে । ইয়াৰ বাবে তেখেত বহু উৎসাহিত বুলিও জানিবলৈ দিয়ে । লগতে, ভৱিষ্যতে এনে ছবি পৰিচালনা কৰাৰ বাবে আশাবাদী অভিনেত্ৰী তথা পৰিচালিকাগৰাকী ।

উল্লেখ্য যে, "The Sleepwalkers" শীৰ্ষক চুটি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে চাহানা গোস্বামী আৰু গুলচন দেবৈয়াই। 'শ্লিপৱাকিং' ( sleepwalking) ক বিষয়বস্তু হিচাপে লৈ চুটি ছবিখনৰ কাহিনী নিৰ্মান কৰা হৈছে । অভিনেত্ৰী ৰাধিকা আপ্তে নিজে লিখিছে ছবিখনৰ কাহিনী।

ABOUT THE AUTHOR

...view details