অসম

assam

ETV Bharat / bharat

আমেৰিকাৰ বৰ্ণবৈষম্য আৰু ভাৰতত দলিতক কৰা ব্যৱহাৰৰ কোনো পাৰ্থক্য নাই - বিশিষ্ট লেখক ডঃ সুৰজ য়েংগৰে

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশিষ্ট লেখক ডঃ সুৰজ য়েংগৰে কয় যে, আমেৰিকাত কৃষ্ণাংগসকলৰ সৈতে হোৱা বৰ্ণবৈষম্য আৰু ভাৰতৰ দলিতসকলৰ সৈতে হোৱা ব্যৱহাৰৰ মাজত কোনো পাৰ্থক্য নাই ৷

আমেৰিকাৰ বৰ্ণবৈষম্য আৰু ভাৰতত দলিতক কৰা ব্যৱহাৰৰ কোনো পাৰ্থক্য নাই
আমেৰিকাৰ বৰ্ণবৈষম্য আৰু ভাৰতত দলিতক কৰা ব্যৱহাৰৰ কোনো পাৰ্থক্য নাই

By

Published : Jun 17, 2020, 6:47 AM IST

নিউজ ডেস্ক, 17 জুন :আমেৰিকাৰ প্ৰচলিত বৰ্ণবৈষম্যবাদ আৰু কৃষ্ণাংগসকলৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে ৷ কৃষ্ণাংগসকলৰ জীৱন গুৰুত্বপূৰ্ণ বুলি বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে বিশ্বব্যাপী এক আন্দোলন ইতিমধ্যেই আৰম্ভ হৈছে ৷ আমেৰিকাত প্ৰায় 4 মিলিয়ন ইণ্ডিয়ান আমেৰিকান আছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশিষ্ট লেখক ডঃ সুৰজ য়েংগৰে কয় যে, আমেৰিকাত কৃষ্ণাংগসকলৰ সৈতে হোৱা বৰ্ণবৈষম্য আৰু ভাৰতৰ দলিতসকলৰ সৈতে হোৱা ব্যৱহাৰৰ মাজত কোনো পাৰ্থক্য নাই ৷ আমেৰিকাত হৈ থকা প্ৰতিবাদক লৈ অধিকাংশ ভাৰতীয়ই কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ আমেৰিকাত কোনো ভাৰতীয় সংগঠনে ইয়াক লৈ আগবাঢ়ি অহা নাই ৷ তেওঁ লগতে উল্লেখ কৰে যে, অধিকাংশ ভাৰতীয়ক যদি চোৱা হয়, এই প্ৰতিবাদক লৈ তেওঁলোকে কোনোধৰণে মুৰ-ঘমাব বিচৰা নাই ৷ আমেৰিকাত এই প্ৰতিবাদ সৰ্বাধিনায়কত্ববাদৰ বিৰুদ্ধে হৈছে আৰু ভাৰতত এই ঘটনা জাতিবাদক লৈ সততে উত্থাপন হয় ৷

ইটিভি ভাৰতৰ সৈতে সাক্ষাৎকাৰত বিশিষ্ট লেখক ডঃ সুৰজ য়েংগৰে

ভাৰতীয়সকলে প্ৰথমে এই আন্দোলনক স্বীকৃতি প্ৰদান কৰাৰ লগতে নিজকে বৰ্ণবৈষম্যবাদৰ বিৰুদ্ধে অধিক শিক্ষিত কৰি তোলাৰ প্ৰয়োজন আছে ৷ আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰিব ৷

ABOUT THE AUTHOR

...view details