অসম

assam

ETV Bharat / bharat

ৰাজস্থানত ৰুষ্ট প্ৰকৃতি, 50 ডিগ্ৰীলৈ বৃদ্ধি তাপমান

অত্যধিক গৰমৰ ফলত ইতিমধ্যে ৰাজ্যখনত মৃত্যু হৈছে মুঠ 21 জনকৈ লোকৰ ৷ ৰাজস্থানৰ অধিক সংখ্যক জিলাতেই বৰ্তমান তাপমান 45 ডিগ্ৰী পৰ্যন্ত হৈ আছে ৷

ৰাজস্থানত ৰুষ্ট প্ৰকৃতি, 50 ডিগ্ৰীলৈ বৃদ্ধি তাপমান

By

Published : Jun 11, 2019, 5:15 PM IST

নিউজ ডেস্ক, 11 জুনঃ ৰাজস্থানত তৃতীয়বাৰলৈ 50 ডিগ্ৰীলৈ বৃদ্ধি তাপমান ৷ অত্যধিক গৰমৰ ফলত ইতিমধ্যে ৰাজ্যখনত মৃত্যু হৈছে মুঠ 21 জনকৈ লোকৰ ৷ গৰমৰ পৰা ৰক্ষা পাবলৈ ৰাজ্যখনত বিভিন্ন পন্থা হাতত লোৱা হৈছে, তাপমান হ্ৰাস কৰাৰ বাবে ব্যস্ত ৰাজপথত টেংকাৰেৰে পানী চটিয়াই সকাহ পোৱাৰ চেষ্টা চলোৱা হৈছে৷ ৰাজস্থানৰ অধিক সংখ্যক জিলাতেই বৰ্তমান তাপমান 45 ডিগ্ৰী পৰ্যন্ত হৈ আছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য অনুসৰি অতি শীঘ্ৰেই অঞ্চলটোত মৌচুমী বতাহ বলাৰ সম্ভাৱনা আছে ৷ লগতে বতৰ বিজ্ঞান কেন্দ্ৰই জনায় যে ৰাজ্যখনত আগন্তুক 24 ঘন্টাত 30 ৰ পৰা 40 কিলোমিটাৰ বেগত তীব্ৰ গৰম বতাহ "লু" বলাৰো সম্ভাৱনা আছে ৷

ৰাজস্থানত ৰুষ্ট প্ৰকৃতি, 50 ডিগ্ৰীলৈ বৃদ্ধি তাপমান

বিভাগটোৱে জনোৱা অনুসৰি ৰাজ্যখনত উচ্চতম তাপমান 47 ডিগ্ৰী হোৱাৰ লগতে নূন্যতম 34 ডিগ্ৰী পৰ্যন্ত হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, এইবাৰ তৃতীয় বাৰলৈ ৰাজ্যখনত তাপমান বৃদ্ধি হৈ 50 ডিগ্ৰী পাইছেগৈ ৷ সোমবাৰে আজমেৰত 45.3 ডিগ্ৰী, জয়পুৰত 46.3 ডিগ্ৰী, কোটাত 47. 3 ডিগ্ৰী বুলি জানিব পৰা গৈছে৷

লগতে পঢ়কঃ মমতা বেনাৰ্জীয়ে মুকলি কৰিব ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ আৱক্ষ মূৰ্তি

ABOUT THE AUTHOR

...view details